ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই অসমৰ বিধানসভাৰ নিৰ্বাচন সংক্ৰান্তীয় তথ্যসমূহ বিলপ্ত কৰাক লৈ কংগ্ৰেছৰ সমালোচনা

ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই অসমৰ বিধানসভাৰ নিৰ্বাচন সংক্ৰান্তীয় তথ্যসমূহ বিলপ্ত কৰাক লৈ কংগ্ৰেছৰ সমালোচনা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উপ সভানেত্রী তথা জ্যেষ্ঠ মুখপাত্র ববিতা শর্মাই দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদ মেলত শ্রীমতী শর্মাই অতি সম্প্রতি ভাৰতৰ নিৰ্বাচন আয়োগ তথা ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াই অসমৰ বিধানসভাসমূহৰ নির্বাচন সংক্রান্তীয় তথ্যসমূহ বিলুপ্ত কৰিবলৈ চলোৱা প্রচেষ্টাক সমালোচনা কৰে আৰু কিহৰ স্বাৰ্থত ভাৰতীয় নির্বাচন আয়োগে চৰকাৰী (official) তথ্য লুকাবলৈ প্রচেষ্টা চলাইছে বুলি প্রশ্ন উত্থাপন কৰে। ২০২১চনৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল সমূহৰ তথ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে য’ত ভোট গ্রহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম দুয়োটাই উল্লেখ থকাটো জৰুৰী তেনে স্থলত কেৱল ৰাজনৈতিক দল তথা প্রার্থীৰ নাম উল্লেখ নকৰাকৈ কেরল ভোট গ্রহণ কেন্দ্ৰৰ নম্বৰ টোহে উল্লেখ কৰিছে।তেওঁ আৰু কয় যে অন্যান্য ৰাজ্যৰ নিৰ্বাচনী website বিশেষকৈ শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্য সমূহৰ নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰতো একেধৰণৰ বিসংগতি দেখা যায়। বিশেষকৈ কেৰেলা (২০২১), গোৱা (২০২২), পঞ্জাব (২০২২) আৰু কৰ্ণটিক (২০২৩) আদি ৰাজ্যসমূহৰ ক্ষেত্রতো নির্বাচন আয়োগে কেবল ভোটগ্রহণ কেন্দ্ৰৰ নম্বৰ আৰু প্ৰাৰ্থীৰ নামসমূহ উল্লেখ কৰি ৰাজনৈতিক দলৰ নাম আৰু ভোটগ্রহণ কেন্দ্ৰৰ নাম সমূহ বিলুপ্ত কৰিছে।এই ক্ষেত্রত ২০২১চনলৈকে নিৰ্বাচনৰ ফলাফলৰ প্ৰ-পত্র ২০ত ভোটগ্রহণ কেন্দ্ৰৰ নাম, নম্বৰসহ প্রতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ লগতে ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা দেখা গৈছিল। কিন্তু অতি আশ্চর্যকজনকভারে অতি শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচন আয়োগে এই ব্যৱস্থা বন্ধ কৰিছে আৰু যাৰ কাৰণে বর্তমান নির্বাচনী ফলাফলসমূহত ভোটগ্রহণ কেন্দ্ৰৰ নাম আৰু নির্বাচনত অংশগ্রহণ কৰা প্রার্থীৰ ৰাজনৈতিক দলৰ নামসমূহ দেখা পোৱা নাযায়।যাৰ বাবে নিৰ্বাচন আয়োগলৈ প্রশ্ন কিহৰ তাগিদাত বা কাৰ স্বাৰ্থত জনসাধাৰণৰ পৰা এই তথ্যসমূহ লুকাব বিচৰা হৈছে? কি এনেকুৱা পৰিস্থিতিয়ে তেওঁলোকক এই ভোটগ্রহণ কেন্দ্ৰৰ নাম লুকাবলৈ বাধ্য কৰিছে? কিহে তেওঁলোকক নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ ৰাজনৈতিক দলৰ নাম বিলুপ্ত কৰিবলৈ বাধ্য কৰিছে?ভোটগ্রহণ কেন্দ্ৰৰ নাম বিলুপ্তিকৰণে কাক লাভান্বিত কৰিছে? আমি এই প্রশ্ন সমূহৰ অৱতৰণ কৰিছো চৰকাৰে যিকোনো সময়ত এই তথ্যসমূহ উলিয়াই ল’ব পাৰে আৰু বিশ্লেষণ কৰিব পাৰে। কিন্তু ৰাজনৈতিক দল নাইবা ব্যক্তিগত এজেঞ্চিসমূহ নাইবা গৱেষকসকলে এই কাম সহজে কৰিব নোৱাৰে। যিটোৱে অনুষ্ঠিত হোৱা নির্বাচন সমূহক নির্ভুল বুলি দাবী কৰাৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি কৰে আৰু এই প্ৰক্ৰিয়াৰ ফলত নিৰ্বাচনৰ ওপৰত বিশ্লেষণ কৰিব পৰা ক্ষমতা হেৰাই যায়। ভোটাৰসকলৰ ৰাজনৈতিক আচৰণ আৰু ভোটিং মেচিনৰ বিসংগতি পর্যালোচনা কৰিবলৈ এক নির্দিষ্ট আৰু দীর্ঘকালীন তথ্যৰ প্রয়োজনীয়তা অধিক। এবাৰ যদি এই তথ্যসমূহ বিলুপ্ত হৈ যায় তেন্তে তেনে ক্ষেত্রত সেই নির্দিষ্ট ভোট কেন্দ্ৰৰ ওপৰত বিশ্লেষণ প্রায় অসম্ভর হৈ পৰে। ইয়াত লুকাবলৈ কি আছে? তথ্য লুকুৱা প্রক্রিয়াই নির্বাচন আয়োগক কি ধৰণে লাভান্বিত কৰিব? যিহেতু নির্বাচন আয়োগ এটা ৰাজনৈতিক দল নহয়। এনেকুৱা কি শক্তি আছে যিয়ে তেওঁলোকক নির্বাচনী ফলাফল সংক্রান্তীয় তথ্যৰ পৰা ভোট গ্রহণ কেন্দ্ৰৰ নামসমূহ বিলুপ্ত কৰিবলৈ বাধ্য কৰিছে? ইয়াৰ ফলত ভোটিং মেচিনৰ বৈধতাৰ ওপৰত উথ্যাপিত প্রশ্নসমূহ আপোচ কৰা হ’ব আৰু যদি কোনো নির্দিষ্ট অঞ্চলৰ ভোটগ্রহণ কেন্দ্ৰৰ ফলাফলৰ ওপৰত সন্দেহ ওপজে তেন্তে তেনে ক্ষেত্রত সেইটো কেনেকৈ পৰীক্ষা কৰিব?সেয়েহে আমাৰ মূল দাবী হল যে নির্বাচনী ফলাফলৰ তথ্যৰ পৰা ভোটগ্রহণ কেন্দ্ৰৰ নাম আৰু প্রার্থীৰ ৰাজনৈতিক দলৰ নাম বিলুপ্তিকৰণ কিহৰ বাবে কৰা হৈছে?আমি আজি যিসমূহ প্রশ্ন আপোনালোকৰ আগত উত্থাপন কৰিছো এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ভাৰতৰ নির্বাচন আয়োগলৈ অসমৰ জনসাধাৰণৰ হৈ আমি এক লিখিত দাবী চনদ প্ৰেৰণ কৰিম। লগতে নিৰ্বাচনী ফলাফলৰ তথ্যসমূহত ভোট কেন্দ্ৰৰ নাম সমূহৰ লগতে প্রার্থীৰ ৰাজনৈতিক দলৰ নামসমূহ যাতে অতি সোনকালে উল্লেখ কৰে তাৰ বাবে দাবী উত্থাপন কৰিম৷
ভাৰতৰ নির্বাচন আয়োগলৈ আমি এই দাবীও উত্থাপন কৰিম যাতে আগন্তুক ২০২৪চনৰ লোকসভা নিৰ্বাচনৰ প্রকাশ পাবলগীয়া ফলাফলৰ তথ্যসমূহ সন্নিৱিষ্ট কৰা ফর্ম ২০ত যাতে ভোটগ্রহণ কেন্দ্ৰৰ নামসমূহৰ লগতে প্রার্থীৰ ৰাজনৈতিক দলৰ নামসমূহ উল্লেখ কৰা থাকে যিদৰে আগতে উল্লেখ কৰা হৈছিল। আমি দৃঢ়তাৰে বিশ্বাস কৰো যে অতীতৰ যিকোনো নির্বাচন সংক্রান্তীয় তথ্য আৰু ভৱিষ্যতে হবলগীয়া সকলো নির্বাচনী তথ্যসমূহ নির্বাচন আয়োগৰ websiteত সন্দেহমুক্তভাৱে সকলোৰে বাবে মুক্ত কৰি ৰাখিব লাগে। একমাত্র এই প্রক্রিয়াৰে হে নির্বাচন আয়োগ আৰু আয়ুক্তসকলৰ বিশ্বাসযোগ্যতা বৃদ্ধি তথা ধৰি ৰাখিবলৈ সক্ষম হব।
আজিৰ এই সংবাদমেলত ববিতা শৰ্মাৰ লগতে এপিচিচিৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্রত বৰা, গৱেষণা বিভাগৰ অধ্যক্ষ নেত্ৰৰঞ্জন চৌধুৰী উপস্থিত থাকে।