ৰাজ্যিক চৰকাৰে ৰাজ্যৰ নাগৰিকৰ নিৰাপত্তাৰ দায়িত্ব লোৱা উচিত – নাছিৰ আহমেদ

PC - iStock
ৰাজ্যিক চৰকাৰে ৰাজ্যৰ নাগৰিকৰ নিৰাপত্তাৰ দায়িত্ব লোৱা উচিত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ৰাজ্যৰ নাগৰিকৰ ভোটৰ দ্বাৰা নিৰ্বাচিত এখন ৰাজ্যিক চৰকাৰে কেৱল ৰাজ্যৰ ৰাজনৈতিক, আৰ্থ-সামাজিক উন্নয়ন কৰিলেই দায়িত্ব পালন কৰা নুবুজায়। ৰাজ্যৰ নাগৰিকে দায়িত্বশীল চৰকাৰৰ পৰা সম্পূৰ্ণ নিৰাপত্তা  লাভ কৰিলেহে ৰাজ্যখনৰ শান্তি-শৃংখলা আৰু মানৱ -অধিকাৰ  অব্যাহত আছে বুলি ক’ব পাৰি।কিন্তু, বেছিভাগ নাগৰিকৰ ভোটৰ দ্বাৰা নিৰ্বাচিত চৰকাৰে শাসন ভাৰ গ্ৰহণ কৰিয়েই এই দায়িত্ব পাহৰি যায়। ৰাজ্যৰ আইন -শৃংখলা ৰক্ষা কৰাৰ নামত প্ৰায় গণতান্ত্ৰিক আন্দোলনৰ নেতাসকলক বা চৰকাৰৰ ভুল নীতিক সমালোচনা কৰা বুদ্ধিজীৱীক আৰু ৰাজ্যৰ মন্ত্ৰী-আমোলা , উচ্চপদস্থ বিষয়া পুলিচ প্ৰশাসন আদিৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অত্যাচাৰ, লুণ্ঠন, শোষণ, নিৰ্যাতন, হত্যা, ধৰ্ষণ আদি অপকৰ্মৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই এই প্ৰতিবাদকাৰীৰ ওপৰত নানা ভিত্তিহীন অপবাদ জাপি দি তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ যি কোনো কঠোৰ পন্থা হাতত লোৱা দেখা যায়। বিদেশী খেদা অসম আন্দোলনৰ মাজেদি এসয়ত তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে অসম চুক্তি স্বাক্ষৰিত কৰি অসম গণ পৰিষদ নামেৰে অসমৰ শাসনৰ বাঘজৰী হাতত লৈয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সংগঠনৰ সদস্যবৃন্দক বা বিৰোধী দলসমূহৰ নেতা-পালি নেতাক গুপ্ত হত্যা কৰি এক ক’লা অধ্যায়ৰ সৃষ্টি কৰিছিল। ঠিক সেইদৰে বৰ্তমান বিজেপি শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্বকালত ৰাজ্যৰ ড্ৰাগছ ব্যৱসায়ী, জাল নোট, নকল সোণ তৈয়াৰ কৰা কাৰখানা বাল্য বিবাহ, চুপাৰি চিণ্ডিকেট, উগ্ৰপন্থী দলক দমন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ,ভেটিখোৱা বিষয়া, বলপূৰ্বক ভাৱে নাৰীৰ ওপৰত যৌন নিৰ্যাতন আৰু নাৰী  আৰু শিশু সৰবৰাহ কাৰী সকলক ধৰাৰ নামত যধেমধে এনকাউন্টাৰ কৰি নিৰীহ আবাল-বৃদ্ধ-বনিতাক গুলিয়াই আহত বা নিহত কৰা নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে।  অপৰাধ, অপকৰ্মত যুক্ত অপৰাধীসকলক কৰায়ত্ত কৰি আইন মতে শাস্তি প্ৰদান কৰাত কাৰো দ্বিমত নাই ; অপৰাধীক ধৰাৰ দোহাই দি চৰকাৰৰ নানা ভুল নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গণতান্ত্ৰিক আন্দোলন কৰা  বা সামাজিক মাধ্যম, বাতৰি কাকতত লিখা-মেলা কৰাৰ বাবে এনেকৈ এনকাউন্টাৰ কৰি হাৰাশাস্তি কৰা কিমান দূৰ গ্ৰহণযোগ্য? বৰ্তমান বিজেপি শাসিত ৰাজ্যিক চৰকাৰৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত আগভাগ লৈ অসমৰ সকলো স্তৰৰ নাগৰিকক সম্পূৰ্ণ নিৰাপত্তা দিব বুলি আশা কৰিব পাৰি।