ৰাজ্যত মহৰ উপদ্ৰব! ফগিঙৰ ব্যৱস্থাৰ দাবী এছইউচিআইৰ

ৰাজ্যত মহৰ উপদ্ৰব! ফগিঙৰ ব্যৱস্থাৰ দাবী এছইউচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনৰ জনসাধাৰণৰ মাজত ভয়াবহভাৱ দেখা দিয়া ডেংগু, জ্বৰ,কাঁহ  আদি বেমাৰ প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে যিদৰে তৎপৰতাৰে সৈতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইদৰে নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এছ ইউ চি আই (কমিউনিষ্ট) দলে৷আজি এক প্ৰেছ বিবৃতি যোগে অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে কয়- সম্প্ৰতি গুৱাহাটী মহানগৰ সহ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত জনসাধাৰণ ব্যাপকভাৱে ডেংগু , জ্বৰ, কাঁহ আদি বেমাৰত আক্ৰান্ত হৈছে । বিশেষকৈ চহৰ সমূহত বিভিন্ন স্থানৰ ডোঙাত জমা হৈ থকা লেতেৰা পানী, জমা হৈ থকা পানী নিষ্কাষণ নকৰা , পৰ্যপ্ত ডাষ্টবিন নথকাত আৰু সময়মতে জমা হৈ থকা জাবৰ-জোঁথৰ লৈ নোযোৱা, নলা-নৰ্দমা পৰিষ্কাৰ নকৰা ,  সম্প্ৰতি হৈ যোৱা বানপানীৰ দ্বাৰা সৃষ্ট বেমাৰ প্ৰতিৰোধৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা আদিৰ ফলতেই বিভিন্ন বেমাৰ বিশেষকৈ ডেংগু বেমাৰৰ  বীজাণু বহনকাৰী মহে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে । অতীতত মহৰ বংশ ধ্বংস কৰাৰ বাবে চৰকাৰে মহ ধ্বংস কৰিব পৰা কীটনাশক ঔষধ  ছটিওঁৱা তথা ফগিং ( ধোৱা দিয়া) কৰাৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমান ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত নিষ্ক্ৰিয় ভূমিকা লোৱাহে দেখা গৈছে । সেয়ে বৰ্তমানে ডেংগু জ্বৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি  ৰাজ্য চৰকাৰে যুদ্ধকালীন তৎপৰতৰে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মহৰ উপদ্ৰৱ প্ৰতিৰোধ কৰাৰ বাবে উপযুক্ত কীটনাশক  ছটিওঁৱা তথা গুৱাহাটী আৰু অন্যান্য সকলো অঞ্চলতে ফগিং(ধোৱাঁ দিয়া)কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হয়৷