ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। সন্ধিয়া৬ বাজি ৪৫ মিনিটত অনুভূত হয় ভূইকঁপ।ৰীমালৰ প্ৰভাৱৰ মাজতে আহিল এই ভূমিকম্প। ভূইকঁপৰ অভিকেন্দ্ৰ ম্যানমাৰ। ৰিখটাৰ স্কেলত ভূইকঁপৰ প্ৰাৱল্য ৫.৬। গুৱাহাটীৰ লগতে ৰাজ্য ভিন্নপ্ৰান্তত অনুভূত ভূমিকম্প। অৱশ্যে এতিয়াও ভূমিকম্পৰ ফলত এই পৰ্যন্ত কোনো ক্ষয় ক্ষতিৰ খবৰ অহা নাই।