ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি

ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ মাজতে আহিছে আন এক বেয়া খবৰ।গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰিছে।আগন্তুক ৫ দিনৰ বাবে ৰাজ্যত বৃষ্টিপাতৰ আগজাননী দিয়া হৈছে।ৰাজ্যৰ ঠায়ে ঠায়ে মুষলধাৰ বৰষুণৰ লগতে আহিব পাৰে বতাহ–ধুমুহা তথা বিজুলি ঢেৰেকনি।ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ হে আশংকা কৰা হৈছে।আগন্তুক কেইবাটাও দিনৰ বাবে অসমৰ বান পৰিস্থিতি অপৰৱৰ্তিত হৈ থাকিব।উল্লেখ্যে যে,যোৱা কেইবাটাও দিন ধৰি ৰাজ্যজুৰি প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত বিভিন্ন প্ৰান্তত বানে তাণ্ডৱৰ সৃষ্টি কৰিছে।নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে নৈ,উপ-নৈসমূহৰ জলপৃষ্ঠ।ভাৰতীয় সেনা, বায়ু সেনা, এছ ডি আৰ এফ, এন ডি আৰ এফৰ সহযোগত বান বিধ্বস্ত জিলাত জিলা প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।