ৰাজ্যত পালন কৰা হ’ব ‘ভাষা গৌৰৱ সপ্তাহ’

 ৰাজ্যত পালন কৰা হ’ব ‘ভাষা গৌৰৱ সপ্তাহ’

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ পাছতে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত  উদ্‌যাপন কৰা হ’ব ‘ভাষা গৌৰৱ সপ্তাহ’। অসম চৰকাৰৰ উদ্যোগত পালন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ। এই কাৰ্যসূচীৰ জৰিয়তে অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতক শ্ৰদ্ধা জনোৱা হ’ব । আনহাতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীকো জনাব ধন্যবাদ । অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা দিয়াৰ পাছতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ । সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, ‘যোৱা ৩ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ অৰ্থে অসমে ৩ৰ পৰা ৯ নৱেম্বৰ ২০২৪লৈ ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰিব।’ লগতে জনাই যে,এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা চতুৰ্থ শতিকাৰ পৰা আমাৰ ভাষাটিৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব।