ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি ডেংগুৰ সংক্ৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ কেইবাখনো জিলাত ডেংগুৰ আতংকই দেখা দিছে কাৰ্বি আংলঙত আক্ৰান্ত ২৭১জন।কামৰূপ (মঃ)ত আক্ৰান্ত ৮ জন।নগাঁও, হোজাই, চৰাইদেউ, নলবাৰীতো আক্ৰান্ত বৃদ্ধি। উল্লেখযোগ্য যে ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণত বৰ্তমানলৈ ৩শতাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৩জনৰ মৃত্যু হৈছে।যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৫দিনলৈ ডিফুৰ সকলো স্কুল বন্ধ ঘোষণা কৰিছে।