ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক

ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক। ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু এটি শিশুৰ। ইনফ্লুৱেঞ্জাৰ লগতে কণমানিজনীৰ দেহত পোৱা গৈছে ছোৱাইন ফ্লুৰ সংক্ৰমণ। স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য। হাইলাকান্দি জিলাত দেখা দিছে ছোৱাইন ফ্লুৰ আতংক। কিছুদিন পূৰ্বে হাইলাকান্দি জিলাৰ এছ কে ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল এটি শিশুক। পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি কণমানিজনীক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তাত চিকিৎসা চলি থকা অৱস্থাতে পৰিয়ালৰ লোকে শিশুটিক ঘৰলৈ লৈ যায়। দেওবাৰে নিশা ঘৰতে মৃত্যু হয় শিশুটিৰ। হাইলাকান্দিৰ স্বাস্থ্য বিভাগে সদৰি কৰা মতে ছোৱাইন ফ্লুত আক্ৰান্ত হৈছিল শিশুটি। হাইলাকান্দি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অলকানন্দা নাথে এক সংবাদ মেলৰ জৰিয়তে এই কথা সদৰি কৰে। শিশুৰ শৰীৰত পোৱা গৈছে H1N1ৰ লগতে H3N2 ভাইৰাছৰ সংক্ৰমণ। লগতে জিলাখনৰ কাটাখাল অঞ্চলৰ কামৰান আহমেদ চৌধুৰী নামৰ আন এটি কিশোৰো একেই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বুলি জনাইছে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অলকানন্দা নাথে। ইপিনে, কাছাৰতো বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ সংক্ৰমণ । কাছাৰত ৪ শিশুসহ ৫ জন আক্ৰান্ত ছোৱাইন ফ্লুত । সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আক্ৰান্তসকল । ৩, ৪ আৰু ৫ মহীয়া শিশু ছোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। অৱশ্যে ছোৱাইন ফ্লুক লৈ আতংকিত হোৱাৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলি প্ৰকাশ স্বাস্থ্য বিভাগৰ । শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাই কয় যে, শিলচৰ মেডিকেল কলেজত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে তিনিগৰাকী শিশু । যোৱা এসপ্তাহত শিলচৰ মেডিকেল কলেজত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ শিশুসহ পাঁচজন ভৰ্তি হৈ আছিল । ইয়াৰে সুস্থ হোৱাৰ পিছত দুজনক ঘৰলৈ যাবলৈ দিয়া হৈছে । চিকিৎসাধীন আন তিনিজন ক্ৰমে সুস্থ হোৱাৰ পথত । ছোৱাইন ফ্লুক লৈ কাছাৰ জিলাত আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি জনায় শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাই ।