ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাইঃ ৰণোজ পেগু

ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাইঃ ৰণোজ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা-  ৮ হাজাৰ শিক্ষক পদৰ বিলুপ্তিক লৈ কাহিলিপাৰাৰ সৰ্বশিক্ষা অভিযান মিছন কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় যে,’ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাই।বৰ্তমান  ২ লাখ ২১ হাজাৰ ৪৭ গৰাকী শিক্ষক কৰ্মৰত অৱস্থাত আছে।ৰাজ্যত ৪৯ লাখ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে।ছাত্ৰ-ছাত্ৰী অনুপাতে ৰাজ্যত পৰ্যাপ্ত শিক্ষক আছে।ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০ লাখতকৈ অধিক হ’লেহে নতুন শিক্ষকৰ প্ৰয়োজন হ’ব।’তেওঁ লগতে উল্লেখ কৰে যে,বিদ্যালয়ত আন্তগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰ সফল হৈছে।উচ্চ শিক্ষাত ড্ৰপ আউট হ্ৰাস কৰিবলৈ সক্ষম হৈছে।ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমান্তৰালকৈ অসমত ড্ৰপ আউট ডাবল হৈছে।পাৰ্ফমেঞ্চৰ ফালৰ পৰা দেশৰ ৬ নম্বৰ স্থানৰ পৰা ৪নং স্থানলৈ আগুৱাইছে অসম।