ৰাজ্যজুৰি শ্বহীদ কুশল কোঁৱৰৰ আত্মবলিদান দিৱস

ৰাজ্যজুৰি শ্বহীদ কুশল কোঁৱৰৰ আত্মবলিদান দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- ছাত্ৰ সংগঠন অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ মহান শ্বহীদ কুশল কোঁৱৰৰ আত্মবলিদান দিৱস পালন কৰা হয়। তদুপলক্ষে লখিমপুৰ, যোৰহাট, শোণিতপুৰ, নগাঁও,দৰং, কামৰূপ, নলবাৰী, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কাছাৰ, কৰিমগঞ্জ , হাইলাকান্দি আদি জিলাসমূহত সংগঠনৰ পক্ষৰ পৰা বিভিন্ন কৰ্মসূচীৰে এই দিৱস পালন কৰা হয়। যোৰহাট জিলাৰ কাৰ্যসূচীত নেতৃত্ব দিয়ে সংগঠনৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুৱে। গুৱাহাটীৰ ভৰলুমুখত অৱস্থিত শ্বহীদ কুশল কোঁৱৰৰ মূৰ্তিৰ পাদদেশত শ্বহীদ গৰাকীৰ স্মৃতিত অস্থায়ী শ্বহীদ বেদী নিৰ্মাণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্বহীদ কুশল কোঁৱৰ অমৰ হওক, শ্বহীদ কুশল কোঁৱৰৰ আত্মবলিদান দিৱস যথাযোগ্য মৰ্যাদাৰে পালন কৰক, শ্বহীদ কুশল কোঁৱৰ আমি তোমাক নাপাহৰো, শ্বহীদ কুশল কোঁৱৰ তোমাক জনাওঁ শত প্ৰণাম আদি শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি প্ৰজ্জ্বল দেব, উপ-সভাপতি পল্লৱ পেগু আৰু কিশোৰ কিশোৰী সংগঠন কমচোমলৰ ৰাজ্যিক কমিটীৰ ইনচাৰ্জ জিংকু দলেই। অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰৰ জীৱন সংগ্ৰাম আৰু তেওঁৰ ত্যাগ আৰু সংগ্ৰামৰ পৰা আজিৰ ছাত্ৰ-যুৱক সকলে গ্ৰহণ কৰিব লগীয়া শিক্ষা সমূহ সম্পৰ্কে ব্যক্তব্য দাঙি ধৰে সংগঠনৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেবে। উল্লেখ্য যে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে বৃটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা দেশক মুক্ত কৰিবলৈ হাঁহিমুখে ফাঁচীকাঠত প্ৰাণ আহুতি দিছিল শ্বহীদ কুশল কোঁৱৰৰ দৰে বীৰ বিপ্লবী সকলে। কিন্তু পৰিতাপৰ কথা যে, হাজাৰ হাজাৰ দেশপ্ৰেমিক সকলৰ আত্মত্যাগৰ বিনিময়ত দেশখন ৰাজনৈতিক ভাৱে স্বাধীন হ’লেও প্ৰকৃত গণমুক্তি অৰ্জিত হোৱা নাই, প্ৰতিষ্ঠা হৈছে শোষণমূলক পুঁজিবাদী ব্যৱস্থা। সেয়ে, পুঁজিপতি শ্ৰেণীৰ শাসন-শোষণৰ অবশ্যম্ভাৱী পৰিণতিত আজি দেশজুৰি আকাশলংঘী মূল্যবৃদ্ধি, তীব্ৰ নিবনুৱা সমস্যা, দুৰ্নীতি, সাম্প্ৰদায়িক সংঘৰ্ষ, জাতি বিদ্বেষ, শিক্ষাক সম্পূৰ্ণ ৰূপে ব্যৱসায়িকীকৰণৰ পৰিণতিত দেশৰ আৰ্থ-ৰাজনৈতিক-সামাজিক-সাংস্কৃতিক পৰিস্থিতি গভীৰ সংকটৰ মুখত পতিত হৈছে। এনে পৰিস্থিতিত ছাত্ৰ,যুব আৰু কিশোৰ কিশোৰী সকলৰ মাজত দেশাত্মবোধ জাগৰিত কৰি তুলিবলৈ কুশল কোঁৱৰৰ দৰে শ্বহীদ বঈৰ-বঈৰআঙ্গনআ সকলৰ ত্যাগ আৰু আদৰ্শ অত্যন্ত গুৰুত্বৰে সৈতে সুৱঁৰিব লাগিব৷এই সংগঠনৰ উদ্যোগত এইসকল দেশপ্ৰেমিক বীৰ-বীৰাঙ্গনা সকলৰ জীৱন চৰ্চাৰে উন্নত নীতি-নৈতিকতাৰ ভিত্তিত ছাত্ৰ আন্দোলনৰ আৰু সাংস্কৃতিক আন্দোলন গঢ়ি তুলিবলৈ এনে প্ৰয়াস কৰা হয়।কাৰ্যসূচীৰ সামৰণিত সংগঠনৰ কৰ্মকৰ্তাসকলৰ জৰিয়তে ‘লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই ‘ শীৰ্ষক জ্যোতি সংগীতেৰে অনুষ্ঠান সমাপ্ত হয়।