ৰাজ্যজুৰি অসম তৃণমূল কংগ্ৰেছৰ ৩০০ শিক্ষক-শিক্ষয়িত্ৰীক ‘শিক্ষাগুৰু সম্বৰ্দ্ধনা’

ৰাজ্যজুৰি অসম তৃণমূল কংগ্ৰেছৰ ৩০০ শিক্ষক-শিক্ষয়িত্ৰীক ‘শিক্ষাগুৰু সম্বৰ্দ্ধনা’

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষক দিৱস উপলক্ষে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়৷গুৱাহাটী মহানগৰীকে ধৰি অসমৰ প্ৰায় প্ৰতিখন জিলাত শিক্ষাগুৰুৰ বাসগৃহলৈ গৈ অসম তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গুৱাহাটীত সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এটি দলে বিশিষ্ট শিক্ষাবিদ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শংকৰদেৱ গৱেষক ড° দয়ানন্দ পাঠকৰ বাসগৃহৰ পৰা ‘শিক্ষাগুৰু সম্বৰ্দ্ধনা’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।সভাপতি বৰাই শিক্ষাবিদ ড° পাঠকক গামোচা, মানপত্ৰ প্ৰদানৰ লগতে ফলমূল প্ৰদান কৰি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা শিক্ষক দিৱসৰ শ্ৰদ্ধাপূৰ্বক শুভেচ্ছা জ্ঞাপন কৰে৷মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাকে ধৰি তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও সতীৰ্থৰ উপস্থিতিত সভাপতি বৰাই আৰ্যবিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিন্দু ডেকা চৌধুৰীৰ ভেটাপাৰাস্থিত বাসগৃহ, ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক খগেন দাসৰ আম্বিকাগিৰী নগৰস্থিত বাসগৃহ, আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন কলিতাৰ আমবাৰীস্থিত বাসগৃহ আৰু নামনি কামাখ্যা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহম্মদ জাহিদুল ইছলামৰ বাসগৃহলৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে।বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে অসম তৃণমূল কংগ্ৰেছ দলে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত শিক্ষক দিৱসৰ দিনা এইদৰে শিক্ষকসকলৰ কাষত থিয় হোৱাৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। এনেধৰণেৰে মূল্যবোধৰ ৰাজনীতিক ঘূৰাই অনাটো সম্ভৱ বুলি মন্তব্য কৰে ড° পাঠকে ৰিপুণ বৰাই প্ৰশাসনিক বিষয়া হিচাপে যথেষ্ট দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ কথা সোঁৱৰণ কৰে।আনহাতে সভাপতি ৰিপুণ বৰাই শিক্ষাগুৰুসকলক সমাজৰ মেৰুদণ্ড বুলি অভিহিত কৰি এইদৰে শিক্ষাগুৰুসকলৰ বাসগৃহলৈ অহাৰ সুযোগ পোৱাটো বিশেষ সৌভাগ্য বুলি মন্তব্য কৰে। তেওঁ লগতে নিজৰো কৰ্মজীৱন এগৰাকী অধ্যাপক হিচাপে আৰম্ভ হোৱাৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে।তেওঁ লগতে অসমৰ সমূহ শিক্ষাগুৰু সমাজলৈ শিক্ষক দিৱসৰ শ্ৰদ্ধাপূৰ্বক শুভেচ্ছা জ্ঞাপন কৰে। বৰাই আজিৰ ‘শিক্ষাগুৰু সম্বৰ্দ্ধনা’ কাৰ্যসূচীৰ ব্যাপক সফলতাত উৎফুল্লিত হৈ অসম তৃণমূল কংগ্ৰেছ দলে আগলৈও মূল্যবোধৰ ৰাজনীতি উপহাৰ দিয়াৰ স্বাৰ্থত এনেধৰণৰ আৰু অধিক কাৰ্যসূচী হাতত ল’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।আনহাতে সভাপতি ৰিপুণ বৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম তৃণমূল কংগ্ৰেছৰ জিলা সভাপতিসকলে নিজ নিজ জিলাৰ শিক্ষাগুৰুসকলৰ বাসগৃহলৈ গৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাইও শিক্ষক দিৱসৰ দিনা সমাজ গঢ়াত ব্ৰতী শিক্ষাগুৰুৰ কাষত এখন্তেক থিয় দি আনন্দিত হোৱা বুলি মন্তব্য কৰি ‘শিক্ষাগুৰু সম্বৰ্ধনা’ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে।