ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত আজীৱন  কাৰাদণ্ড ভুগি থকা ছয়জন দোষীক মুক্তি

Pc Times of India

ৰঙিলী বাৰ্ত্তাসেৱা-  শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা বাকী ছয়জন দোষীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।য’ত আছে নলিনী শ্ৰীহৰণ, আৰ পি ৰবিচন্দ্ৰন, সন্থন, মুৰুগান, ৰবাৰ্ট পায়াছ, জয়কুমাৰ। ন্যায়াধীশ বি আৰ গাভাই আৰু বি ভি নাগাৰথ্নাৰে গঠিত বিচাৰপীঠখনে মে’ মাহত মুকলি কৰি দিয়া আন এজন দোষী এ জি পেৰাৰিভালানৰ গোচৰটো বিবেচনা কৰি এই নিৰ্দেশ গৃহীত কৰে। বৰ্তমান পেৰ’লত বাহিৰত থকা নলিনীয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰাৰ পিছতে কাৰাগাৰৰ পৰা আগতীয়াকৈ মুক্তি বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। ১৮ মে’ত উচ্চতম ন্যায়ালয়ে সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত নিজৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰি ৩০ বছৰতকৈ অধিক কাৰাদণ্ড কটাবলগীয়া হোৱা পেৰাৰিভালানক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়াৰ পিছত তেওঁৰ আবেদন দাখিল কৰিছিল । নলিনীয়েও একেধৰণৰ সকাহ বিচৰাৰ সময়ত পেৰাৰিভালানৰ গোচৰৰ উদ্ধৃতি দিছিল।যোগ্য বুলি ভাবে।