ৰাজপথলৈ ওলাই নহাকৈ “কা”ৰ বিৰুদ্ধে আন্দোলনৰ আহ্বান ডিব্ৰুগড় জিলা “কা” বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যদি “কা” বিৰোধীতা কৰিবই লাগে, যদি দৰাচলতে কা’ ই অসমীয়া ভাষা-কৃষ্টি – সংস্কৃতিৰ ওপৰত চূড়ান্ত আঘাত হানি কালক্ৰমত অসমীয়া জাতিৰেই বিপৰ্যয় মাতি আনিব বুলি ভবা হৈছে, তেন্তে সেই কা’ বাতিলৰ বাবে সাম্প্ৰতিক সময়ত পূৰ্বৰ দৰে আন্দোলন কৰি ৰাজপথলৈ ওলাই নাহিলেও হ’ব। আগন্তুক নিৰ্বাচনত কা’ক মাতি অনা বা কা’ক সমৰ্থন কৰা বিজেপি আৰু সেই দলটোৰ মিত্ৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ভোটদান কৰি আৰু লগতে সেই বি জে পি দলটোৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰা তথা কা’ বিৰোধ কৰা আৰু জিকিব পৰা যোগ্য প্ৰাৰ্থীৰ সপক্ষে ভোট দান কৰিলেই প্ৰকৃততে কা’ বিৰোধ কৰা হ’ব। সাম্প্ৰতিক সময়ত প্ৰতিজন সচেতন অসমীয়া ভোটাৰক জাতীয় স্বাৰ্থত এনে ভূমিকাত অৱতীৰ্ণ হৈ আগন্তুক নিৰ্বাচনত বি জে পি আৰু সেই দলৰ মিত্ৰ দলক পৰাভূত কৰিবলৈ আহ্বান জনাওঁ।” এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে ডিব্ৰুগড় জিলা”কা” বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক শৰৎ চন্দ্ৰ নেওগে। সমিতিৰ হৈ আহ্বায়ক সকল ক্ৰমে দীপক শইকীয়া,উত্তম কুমাৰ চেতিয়া আৰু মহচিনূৰ ৰহমানে ভোটাৰ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰা এখন গোহাৰি পত্ৰ সংবাদ মেলত দাঙি ধৰি মুখ্য আহ্বায়ক শৰৎ চন্দ্ৰ নেওগে কয় যে, এই গোহাৰি পত্ৰৰ যোগেদি ৰাইজৰ জ্ঞাতাৰ্থে কেইটামান প্ৰশ্ন উত্থাপন কৰি কোঁৱা হৈছে যে, এই বি জে পি দলে বিগত নিৰ্বাচনৰ সময়ত কোৱা প্ৰতিটো বেঙ্ক একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিলেনে? বছৰি ২ কোটি নিবনুৱাকে ধৰি আজিলৈকে ১০ কোটিক সংস্থাপন দিলেনে? মূল্য বৃদ্ধি হ্ৰাস হ’লনে, নে ইলেক্ট’ৰেল বণ্ডৰ যোগে বিভিন্ন কোম্পানীৰ পৰা ধন সংগ্ৰহ কৰি ওলোটাই মূল্য বৃদ্ধিত হাত উজান হে দিলে? ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি কি হ’ল? এইবোৰ যে একোৱেই নকৰিলে,তেন্তে এনে মিছলীয়া চৰকাৰক বাৰু কোন বিবেকবান মানুহে পুনৰ ভোট দিব পাৰে? এনেবোৰ প্ৰশ্ন উত্থাপনেৰে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ “যুঁজ এখন হ’ব বান্ধৈ,যুঁজ এখন হ’ব, ৰাইজক মজা দিয়া বোৰক,ৰাইজে মজা দিব” গীতৰ পংক্তিৰ উৰ্ধৃতি দি মুখ্য আহ্বায়ক নেওগে সাংবাদিকৰ আগত ব্যক্ত কৰে যে, এইবাৰ সঁচাই যুঁজ এখন হ’ব। এই যুঁজ কেৱল কোনো দলৰ প্ৰাৰ্থীক হৰুৱা-জিকোৱাৰ যুঁজ নহ’ব। ই ভি এম ৰ যোগেদি হ’ব লগা এই যুঁজ হ’ব অসমীয়া জাতিলৈ ধ্বংস মাতি অনা সকলৰ বিৰুদ্ধে অসমীয়া জাতিৰ যুঁজ। প্ৰলোভন-প্ৰতাৰণাৰ বিৰুদ্ধে সত্য প্ৰতিষ্ঠাৰ যুঁজ।এককথাত এই যুঁজ হ’ব দেশত গণতন্ত্ৰ সুৰক্ষাৰ যুঁজ। এই যুঁজৰ অংশীদাৰ হ’বলৈ সমূহ ৰাইজলৈ মুখ্য আহ্বায়ক নেওগে আহ্বান জনায়। উক্ত সংবাদ মেলত উপস্থিত থকা সমিতিৰ অন্যান্য আহ্বায়ক সকল হ’ল -উত্তম কুমাৰ চেতিয়া, বিচিত্ৰা খাৰঘৰীয়া আৰু মহচিনূৰ ৰহমান আদি বিশিষ্ট ব্যক্তিসকল ।