ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি ঋষিৰাজ কৌণ্ডিন্য

ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি ঋষিৰাজ কৌণ্ডিন্য

ৰঙিলী বাৰ্ত্তাসেৱা- “মই উদ্দেশ্যপ্ৰণোদিত ভাবে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছোঁ৷” এই মন্তব্য আম আদমি পাৰ্টীৰ শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ৷ গুৱাহাটীস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি সামাজিক মাধ্যমত বহুল প্ৰচাৰিত অভিযোগ সমূহ খণ্ডন কৰে আপৰ নেতা গৰাকীয়ে৷ উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ ভুৱা OSD (বিশেষ কৰ্তব্যৰত বিষয়া) অভিযোগ সম্পৰ্কে আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই ঋষিৰাজ কৌণ্ডিন্যৰ পূৰ্বৰ নিযুক্তি পত্ৰ ৰাজহুৱা কৰে৷ মহিলা নিৰ্যাতনৰ দৰে এটি সংবেদনশীল বিষয়ত ঋষিৰাজ কৌণ্ডিন্যক ফান্দত পেলাবলৈ কৰা অপচেষ্টাক অভিযোগীৰ ভাষ্যত ইতিমধ্যেই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজৰ আদেশ দিছে৷ আদালতত চলি থকা অন্য গোচৰ সমূহৰ বিষয় উত্থাপন কৰি আপ অসমৰ আইনী কোষৰ উপসভাপতি আৰিফ সিকদাৰে কয় যে IPC 420, 406 আৰু 468 ধাৰাত ৰুজু হোৱা গোচৰ সমূহ চৌলাংকী নামৰ বহিৰাজ্যৰ এজন প্ৰবঞ্চকে পৃথকে পৃথকে দিছপুৰ আৰু চান্দমাৰী থানাত ৰাজনৈতিক প্ৰৰোচনাত এজাহাৰ দিছিল৷ সামাজিক মাধ্যমত এই ভুৱা বাতৰি সমূহৰ বহুল প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা আৰু সামাজিক জীৱনত ঋণাত্মক প্ৰভাৱ পৰাত আক্ষেপ কৰি ঋষিৰাজ কৌণ্ডিন্যই কয় যে এই ভুৱা প্ৰচাৰৰ বাবে নিজ সন্তানৰ আগত হেয় অনুভৱ কৰিছে৷ সন্মানীয় সংবাদ মাধ্যমৰো সহযোগ কামনা কৰে নেতাগৰাকীয়ে৷ আজিৰ সংবাদমেলত আপৰ ৰাজ্যিক সংবাদ মাধ্যম সমন্বয়ক জয়ন্ত কুমাৰ কলিতা আৰু ৰাজ্যিক সদস্য গুৰপ্ৰীত সিং উপ্পল ডাঙৰীয়াও উপস্থিত থাকে৷