ৰহাৰ বিধায়ক শশীকান্ত দাসক মন্ত্ৰী কেশৱ মহন্তৰ ধমক

ৰহাৰ বিধায়ক শশীকান্ত দাসক মন্ত্ৰী কেশৱ মহন্তৰ ধমক

ৰঙিলী বাৰ্ত্তসেৱা- ৰহাৰ বিধায়ক শশীকান্ত দাসক মন্ত্ৰী কেশৱ মহন্তৰ ধমক।বিধায়কগৰাকীক ভৱিষ্যতে এনে ভুল নকৰিবলৈকো সকীয়াই দিয়ে মন্ত্ৰী কেশৱ মহন্তই।নগাঁও জিলাত অনুস্থিত হৈ থকা গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰী কেশৱ মহন্ত পুৱাই ৰহাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়।কিছু সময়ৰ পিছতে মন্ত্ৰীগৰাকীক লগ কৰিবলৈ ৰহাৰ বিধায়ক শশীকান্ত দাস কেইবাগৰাকীও আৰক্ষীৰ জোৱান লৈ বিদ্যালয়খনত উপস্থিত হয়। বিধায়ক শশীকান্ত দাসে মন্ত্ৰীগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়।আৰক্ষীক লগত লৈ বিদ্যালয় চৌহদত প্ৰৱেশ কৰা শশীকান্ত দাসক ধমক দি মন্ত্ৰী কেশৱ মহন্তই কয়, “পুলিচ কোনে লগত আনিছে? পুলিচ লগত লৈ স্কুল কেম্পাছৰ ভিতৰলৈ কিয় আহিছা। চব কেম্পাছৰ পৰা আঁতৰাবলৈ কোৱা।”মন্ত্ৰী কেশৱ মহন্তই বিধায়কগৰাকীক ভৱিষ্যতে এনে ভুল নকৰিবলৈকো সকীয়াই দিয়ে।ইয়াৰ পিছতে শশীকান্ত দাসে লগত থকা আৰক্ষীৰ জোৱান কেইজনক আঁতৰাই পঠায়।উল্লেখযোগ্য যে,কংগ্ৰেছৰ সংগ ত্যাগ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰক মুকলিকৈ সমৰ্থন কৰি কংগ্ৰেছৰ পৰা নিলম্বনৰ সন্মুখীন হৈছিল বিধায়ক শশীকান্ত দাস।