ৰবীন্দ্ৰ ভৱনত এছইউচিআইৰ জনসভা

ৰবীন্দ্ৰ ভৱনত এছইউচিআইৰ জনসভা

ৰঙিলী বাৰ্ত্তাসেৱা-  এছ ইউ চি আই (কমিউনিষ্ট) দলৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত এক জনসভা অনুষ্ঠিত হয়। দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটীৰ সদস্য কমৰেড চন্দ্ৰলেখা দাসৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়।সভাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে, ৰামনৱমীৰ শোভাযাত্ৰাৰ নামত হিংসা-সন্ত্ৰাস সৃষ্টিৰ লগতে শোভাযাত্ৰাৰ ওপৰত শিল দলিওৱা বুলি সন্দেহৰ ভিত্তিত সংখ্যালঘু মানুহৰ বাসগৃহ বুলডোজাৰেৰে ভাঙি দিয়াৰ মধ্যপ্ৰদেশ চৰকাৰৰ অন্যায়, অগণতান্ত্ৰিক আৰু অমানবিক কাৰ্যৰ বিৰুদ্ধে, অহিন্দীভাষী সকলৰ ওপৰত হিন্দীভাষা জাপি দিয়াৰ বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তথা ৰাজ্যত মদ আৰু মাদক দ্ৰব্য সম্পূৰ্ণ নিষিদ্ধ কৰাৰ দাবীত চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।উক্ত সভাত প্ৰখ্যাত জননেতা,দলৰ পলিটব্যুৰৰ সদস্য কমৰেড অসিত ভট্টাচাৰ্যই ভাষণত  কয় যে, তীব্ৰ নিবনুৱা সমস্যা,অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশচুম্বী  মূল্যবৃদ্ধি, মাৰাত্মক ধৰণৰ দুৰ্নীতিৰ ফলত সাধাৰণ মানুহৰ আজি জীয়াই থকাটোৱেই অসম্ভৱ হৈ পৰিছে। তেওঁ আৰু কয় যে দেশৰ বৃহৎ বুৰ্জোৱা দলবোৰে লোকসভাত যিদৰে যথাৰ্থ সংসদীয় কাৰ্যকলাপকো চলিব দিয়া নাই  তাৰ দ্বাৰা দেশৰ লোকসভাও আজি কাৰ্যত ভেকোভাওনাত পৰিণত হৈছে। জীয়াই থকাৰ বাবে দুখীয়া মেহনতী জনতাৰ সম্মুখত ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলাৰ বাহিৰে আন বিকল্প নাই।