ৰ’দ – এছ ইছলাম

Pc Family Health Care of Siouxland
শিশু -কবিতা
ৰ’দ 
এছ ইছলাম, শিক্ষক
মইনবৰী,বৰপেটা 
বহাগমহীয়া          ভৰদুপৰীয়া
ৰ’দে কিযে ৰূপ ধৰে,
খাল-বিল           নদ-নদীবোৰ
পানীৰে উপচি পৰে।
জেঠমহীয়া           ভৰদুপৰীয়া
ৰ’দে খাও খাও কৰে,
ভমক ভমক       কি চাবা চমক
চকু ছাঁটমাৰি ধৰে।
আহাৰমহীয়া         ভৰদুপৰীয়া
গা ছট্ ফট্ কৰে,
শীতল পানীত           গা ধুবলৈ
মনত ইচ্ছা কৰে।
শাওন মহীয়া          ভৰদুপৰীয়া
অসুস্থ যেন লাগে,
ভাদ মহীয়া             ভৰদুপৰীয়া
গুৰু সেৱা জাগে।
আহিন মহীয়া         ভৰদুপৰীয়া
গা ৰিম্ ঝিম্ কৰে,
কাতিমহীয়া            ভৰদুপৰীয়া
বেমাৰ-আজাৰে ধৰে।
আঘোণ মহীয়া       ভৰদুপৰীয়া
ঠাণ্ডা ঠাণ্ডা লাগে,
পুহ মহীয়া              ভৰদুপৰীয়া
কোট পিন্ধিব লাগে।
মাঘ মহীয়া             ভৰদুপৰীয়া
বৰ ঠাণ্ডা লাগে,
বনৰ ৰজা               বাঘ-সিংহৰ
শীতানুভৱ জাগে।
ফাগুন মহীয়া          ভৰদুপৰীয়া
ফাগুনীবাই লৰে,
মাকৰ ঘৰলৈ           খৰখেদাকৈ
উভতি দৌৰ মাৰে।
চ’তমহীয়া               ভৰদুপৰীয়া
ধুলি-মাকতি উৰে,
চৰ-চাপৰীৰ         ঘৰ-দুৱাৰবোৰ
বালিৰে উপচি পৰে।