ৰঙৰ যুঁজ
মোৰ মনত এটি কল্পনাই ঘৰ কৰিছে,
সেই কল্পনাত উটি অহা ছবিটিয়ে মোৰ হৃদয়খনক
বৰকৈ খামুচি ধৰিছে,
এইয়া, ৰঙৰ কাহিনী ।
ৰঙে হাট পাতিছে বুলি,
গুণাগথা শুনিছোঁ! অলপ গভীৰ।
চাৱনিতে জুখি পাওঁ সিহঁতৰ তৰ্জুখনৰ
বিলাইৰ ভৰা হেনো বেছি।
সাতোৰঙীয়া বেঘনীসেহাসুৰ জনে
লাৱণ্য চাদৰখনক নিজৰ বৰণলগা খনিকৰৰ
লেখনিখনে সজাই তুলিছে।
কিন্তু ৰঙৰ এক প্ৰশ্ন?
এতিয়াও হেনো আছে!
কৃষ্ণবৰ্ণ আৰু দূথমণি মাজত বিতৰ্ক!!
চিনাকি দিছো আহা, বৈকুণ্ঠ মেলাখনৰ,,
দোকমোকালিৰ সেন্দুৰীয়া ছবিখনে
আবিৰ সানিছে,
কিন্তু হিয়াভৰা সমন্বয় পথৰ
মতলীয়া হৈ থকা ৰঙবোৰে,
আজি কাজল সানিছে।
তাকে দেখি চাৰিওফালে কলা মেঘৰ
মৃদং বাজিছে।
ৰঙবোৰৰ দুখৰ চকুলোৱে,
পৃথিৱীলৈ পৰিচয় বিচাৰি
নিজৰ সাতুৰঙী ছাতি মেলিছে।
নিষ্ঠুৰ হৈ পৰিছে এই জীৱন,
যʼত গৰাকীজনৰ সৃষ্টি ওপৰত প্ৰশ্ন উঠিছে।
হোমৰ গুৰিত বহি থকা পাৰ্বতীক,
ৰংচঙীয়া বিয়াঘৰে মুহি তুলিছে,
যদিও মহাদেৱৰ আগমনত তেওঁ বস্ত্ৰ আৰু
তেওঁৰ লগত অহা মিত্ৰ আৰু উপদেৱতাক দেখি
সকলোৱে উপলঙা কৰিছে।
ৰাধাৰ গাখীৰৰ দৰে সৌন্দৰ্য কথা,
দূৰদূৰণিলৈ বিয়পি পৰিছে।
যদিও আমাৰ পিতাম্বৰে নিশাৰ বৰণক অবৰি
ষোড়শ গোপীক মুহিছে।
ৰং ! ৰঙ এটি পৱিত্ৰ মায়া,কি ভাল কি বেয়া
সকলো চিন্তাৰ ধাৰা।
আকুৱালি লোৱা এ ৰঙক
সদায় কাষতে পাবা যেন তোমাৰ ছায়া।
অংগৰীকা সভাপণ্ডিত