ৰঙৰ উৎসৱক ৰঙীন কৰি ৰখাৰ দায়িত্ব কাৰ?
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
দৌলোৎসৱ বা ফাকুৱা ৰঙৰ উৎসৱ, যাক প্ৰেম তথা বসন্তোৎসৱ হিচাপে পালন কৰা হয়। ই এক সৰ্বভাৰতীয় উৎসৱ। ফাগুন মাহৰ পূর্ণিমা তিথিত পালন কৰা হয় কেতিয়াবা তিথি অনুযায়ী চ’ত মাহতো পালন কৰা হয় । এই উৎসৱক দৌলযাত্ৰা, দৌলপূৰ্ণিমা, হোলী, ফল্গূৎসৱ বুলিও জনা যায় । এই উৎসৱৰ লগত অনেক জনবিশ্বাস জড়িত আছে। বিশেষকৈ দুষ্টক দমন আৰু সন্তক পালনৰ বিশ্বাস জড়িত। ধৰ্মবিশ্বাস মতে , দৈত্যৰাজ হিৰণ্যকশিপুৰ ভগ্নী হোলিকাৰ এক বিশেষ ধৰণৰ অদাহ্য বস্ত্ৰ আছিল, ভক্তপ্ৰহ্লাদক ভস্মসাৎ কৰাৰ উদ্দেশ্যে তাক কোলাত লৈ অগ্নিকুণ্ডত বহিছিল কিন্তু ‘ৰাখে হৰি মাৰে কোনে’ ? ভগৱান ভক্তিৰ অধীন যিকোনো পৰিস্থিতিতে ভক্তক ৰক্ষা কৰে। প্ৰহ্লাদক প্ৰভুৱে ৰক্ষা কৰিছিল কিন্তু হোলিকা সেই জুইত ভস্মীভূত হৈছিল। সেই বিশ্বাস অনুসৰিও অশুভ শক্তিৰ নাশ হোৱাৰ বাবেও হোলী পালন কৰা হয়।
বৈষ্ণৱ সমাজত বিষ্ণুৰ মাহাত্ম্য প্ৰকাশ কৰা লগতে ভক্তৰ ভক্তিভাবৰ উদ্ৰেক ঘটে এই উৎসৱত। অসমৰ বৰদোৱাত পোন প্ৰথমবাৰৰ বাবে মহাপুৰুষ শংকৰদেৱে এই উৎসৱৰ প্ৰচলন কৰিছিল। বৰপেটাত এই উৎসৱ ‘দেউল’ হিচাপে প্ৰসিদ্ধ, পৰম্পৰাগত ৰীতি-নীতিৰে স্থানীয় লোকসকলে আনন্দৰে পালন কৰা দেখা যায়।
ফাকুৱাৰ মূল আকৰ্ষণ হৈছে আবিৰ । পৰস্পৰে পৰস্পৰক ৰং সানে । যাৰ দ্বাৰা ঐক্যভাৱৰ এনাজৰীডাল টান হৈ পৰে । কিন্তু আজিকালি মানুহ প্ৰবল আধুনিকতাৰ চক্রবেহুত পৰি কেমিকেলযুক্ত ৰং ব্যৱহাৰ কৰে ; যাৰ পৰিণতিত ছাল, চকুৰ নানান বেমাৰ হয় । আবিৰৰ পৰিবৰ্তে ক’লীয়া বোকা মাটি , অথচ হাতত তেল সানি বিষাক্ত তৰল ৰঙবোৰ ব্যৱহাৰ কৰা দেখা যায় । বিশেষকৈ শ্বাস – প্ৰশ্বাসৰ ৰুগীৰ পৰা ৰঙবোৰ যে আতঁৰাই ৰাখিব লাগে সেই কথাও পাহৰি যায় । সেই সময়ত আনৰ স্বাধীনতা খৰ্ব নকৰি নিজৰ আনন্দ উপভোগ কৰাৰ মানসিকতাই নাথাকে কিছুলোকৰ ।
তাৰোপৰি কিছুমানে আনন্দত ইমানেই মত্ত হৈ পৰে যে উৎসৱৰ নামত মাদক দ্ৰব্যৰ নিচাত বলীয়া হৈ পৰে । কিছু কিছু ঠাইত ভাং খোৱাও দেখা যায়। ল’ৰা-ছোৱালী উভয়ে একত্ৰিত হৈ গাখীৰৰ লগত ভাং মিহলাই খাই উচ্চস্বৰত ডি .জে. বক্স চলাই উদ্ভট চৰিত্ৰৰ পৰিচয় দিয়ে। এক বিশৃংখল পৰিস্থিতিৰো সৃষ্টি কৰে । এচামে নিচাজাতীয় দ্ৰব্য সেৱন কৰি তীব্র বেগেৰে গাড়ী চলোৱাৰ ফলত নানান দুৰ্ঘটনাত বিধ্বস্ত হয় ; নিজৰ লগতে আনৰ অনাকাংক্ষিত বিপদ মাতি আনে। ইয়াৰোপৰি বিভিন্ন ধৰণৰ মুখা (Mask) পৰিধান কৰি ” বুৰা না মানো হোলী হৈ ” বুলি ধ্বনি দি নিচাখোৰ কিছুমানে লোকৰ ঘৰে ঘৰে গৈ অভদ্ৰামী কৰাও দেখা যায় । শালীনতাৰ পৰিধি চেৰাই যোৱাৰ ফলত আনন্দৰ শেষ পৰিণতি হিচাপে তেনেধৰণৰ লোক জেলৰ আলহী হোৱাও পৰিলক্ষিত হয়।
অন্যহাতে কিছু অঞ্চলত বিশেষকৈ গ্ৰামাঞ্চলত এচামে পথ অৱৰোধ কৰি বাটৰুৱাক ৰং সানি চান্দা তোলাও দেখা যায় । বাটৰুৱা বিৰক্ত হৈ বৰঙনি নিদিলে কেতিয়াবা সেইবোৰেই কাজিয়াৰ সূত্ৰপাত হয় । উৎসৱৰ নামত এনেকৈ পথচাৰীক অপদস্থ কৰা মুঠেও সমীচীন নহয়।
গতিকে, এই ৰঙৰ উৎসৱক পম্পৰাগত পৱিত্ৰ উৎসৱ কৰি ৰাখিবলৈ আমি সকলোৱেই সজাগ হোৱাটো আৱশ্যক। ছিন্থেটিক ৰঙবোৰৰ পৰিৱৰ্তে নাৰ্জী , অপৰাজিতা ফুল , হালধি তথা অন্যান্য ঘৰুৱা উপকৰণেৰে জৈৱিক আবিৰ প্ৰস্তুত কৰিও ৰঙৰ উৎসৱক এক আনন্দমুখৰ পৰিৱেশলৈ পৰ্যৱসিত কৰিব পাৰি । হাইজিনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ লগতে আনৰ সুৰক্ষাৰ প্ৰতি নজৰ ৰখা উচিত। এই আনন্দৰ উৎসৱে যাতে সকলোৰে জীৱন ৰামধেনুৰ দৰে ৰঙীন কৰি তোলে তাৰ বাবে সুস্থ নিটোল পৰিৱেশৰ সৃষ্টি কৰাৰ কৰ্তব্য আমাৰ সকলোৰে। একান্তচিত্তে ৰঙৰ উৎসৱক ৰঙীন কৰি ৰখাৰ দায়িত্বও আমাৰেই।