ৰঙিলী পথৰ যাত্ৰী
নিতিষ্মান দাস
২০২০ চনৰ মাৰ্চ মাহৰ ১৫ তাৰিখ। এই দিনাৰ পৰাই আৰম্ভ হৈছিল এখন নতুন ৰণৰ। এটি জীৱন-মৰণৰ যুজঁ। বিশ্বৰ চৌদিশে ক্ৰমাৎ বাঢ়িব ধৰিছেকৰুণা ভাইৰাছৰ ত্ৰাস।সেইদিনাৰ পৰাই বিশ্ববাসীৰ মনত ভৱিষ্যতক লৈ এটা প্ৰশ্নই বাৰে বাৰে আমনি কৰিছিল – “কোন পথৰ যাত্ৰী আমি, পোহৰৰ নে ঘোৰ এন্ধাৰৰ ?”
মই আছিলোঁ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। মোৰ নাম লগোৱা হৈছিল মোৰ ঘৰৰ ওচৰৰেই এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, প্ৰাগজ্যোতিকাত।তাত যোৱা মাথোঁ তিনি মাহ হৈছিলহে, হঠাত বিশ্ববাসীৰ আগত মৃত্যুদূত ৰূপে প্ৰকট হ’ল এটা ভয়ানক মহামাৰী কৰুণা। প্ৰথমে মই ইয়াৰ বিষয়ে জানিবলৈ পোৱাত, সিমান বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু যেতিয়া সময় বাগৰিল, ইয়াৰ ভয়াৱহতা ক্ৰমাৎ বাঢ়ি আহিবহে ধৰিল।চকুৰ পচাৰতে কত যে নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হ’ল। মইও মোৰ নতুন লগৰীবোৰৰ পৰা দূৰত থাকিব লগা হ’ল। সকলো মাথোঁ ঘৰত বন্দী।আমাৰ লগৰী, ৰং-ধেমালি আৰু শিক্ষাৰ ঠাই আছিল কেৱল মৰমৰ বিদ্যালয়খনি। সেই বিদ্যালয়খনিও এতিয়া হৈ পৰিল বন্ধ। চৌদিশ লাহে লাহে হব ধৰিল মাথোঁ এখন মৰিশালী।
বুৰঞ্জী পঢ়িছোঁ।বহু মহামাৰী, যুদ্ধ আৰু ঘটনাৰ বিষয়েও পঢ়িছোঁ।যুদ্ধ আৰু মহামাৰীৰ কঠোৰতা আৰু তাৰ এটি এটি মৰ্মান্তিক দৃশ্য মোৰ জনা আছে।কিন্তু কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মইও এনে এটা যুগত জন্ম লভিম।মোৰ এনে লাগিছিল যেন মই ঈশ্বৰৰ ওচৰলৈ গৈ সুধি আহিম – “হে ঈশ্বৰ ! এই ইমান ধুনীয়া জগতখনিত কিয় তুমি মহামাৰী আৰু যুদ্ধৰ অস্তিত্ব দিলা?”
কিন্তু কেতিয়াবা মোৰ এনে লাগে যেন এই সকলো উচিত।কিয়নো আমি নিজৰ স্বাৰ্থৰ বাটত অন্ধ হৈ প্ৰকৃতিক পাহৰি গৈছোঁ, পাহৰি গৈছোঁ সেই অতীতৰ শান্তিৰ দিনবোৰ। প্ৰকৃতি আইয়ে চাগৈ আমাৰ ওপৰত খং কৰিহে এইবোৰ মহামাৰীৰ সৃষ্টি কৰিছে।
ভগৱান বিষ্ণুৰ মুঠ দহটা অৱতাৰৰ কথা মই শুনিছোঁ।কেতিয়াবা মোৰ এনেও ভাব ওপজে – “জানোচা কল্কি অৱতাৰ এই কৰুণা মহামাৰীৰূপে আহিছে।” মোৰ মনত নানা ধৰণৰ ভাব ক্ৰমাৎ বাঢ়িব আহিবলৈ ধৰিছিল।মই যেন গৃহবন্দী হৈ উন্মাদ হৈ পৰিছিলোঁ।
মাৰ্চৰ ১৫ তাৰিখৰ পৰা পৰা ২১ তাৰিখলৈ চৰকাৰে lockdownঘোষণা কৰিছিল।তেতিয়াৰ পৰাই মোৰ বন্ধু-বান্ধৱীৰ মুখ দেখা নাছিলোঁ। আমাৰ ভৱিষ্যতৰ হেঙুলীয়া আকাশত মাথোঁ দেখছিলোঁ তমসাৰ এটি অমা-নিশা। মা-দেউতাক উত্তেজিত হৈ নিতৌ প্ৰশ্ন কৰিছিলোঁ – “মই মোৰ লগৰীবোৰক আকৌ দেখা পাম নে, পুনৰ স্কুল যাব পাৰিম নে ?”
মা আৰু দেউতাই মাথোঁ মিচিকিয়াই বিশ্বাস দিছিল – “আকৌ সেই ভাল দিনবোৰ ঘূৰি আহিব। তুমি কেৱল ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখা। দেখিবা সকলো ঠিক হৈ যাব।” মই মা-দেউতাৰ এনে কথাবোৰত আশাৰ এটি পোহৰ দেখা পাইছিলোঁ।
সেই সময়বোৰ বৰ জটিল আছিল।ঘৰৰ পৰা কোনো নোলায়।কিবা বিশেষ প্ৰয়োজনতহে কোনো ওলাই আহে।নিতৌ দেখা পোৱা ব্যস্ত ৰাস্তাটো হৈ পৰিছিল শান্ত। ২১ লৈকে ঘোষণা কৰা lockdownসময়ৰ লগে লগে ক্ৰমাৎ বাঢ়িহে গৈ থাকিল। তেতিয়া মোৰ মুখত মাথোঁ বিষাদৰ ছাঁ বিয়পি পৰিছিল।তথাপি মই মা-দেউতাই কোৱা কথাষাৰ মনত পেলাওঁ আৰু নিজৰ কাম কৰি যাওঁ।
এদিন মোৰ বৰ আমনি লাগিছিল। মই মোৰ মাৰ ওচৰলৈ গৈ সুধিছিলোঁ – “মোৰ বৰ আমনি লগিছে, মই কৰোঁ মা ?”
“তুমি দেখোন কিতাপ পঢ়িব পাৰা।” – মায়ে উলাহেৰে কৈছিল।
মই কিছু সময় নীৰৱে আছিলোঁ।মই কি কিতাপ পঢ়া উচিত, এই কথা বাৰে বাৰে মনত গুজৰী-গুমৰীআছিল।মাৰ পৰাই জানি লওঁ।কি কিতাপ পঢ়া উচিত।
এই বুলি মই মাক সুধিলোঁ – “মই কি কিতাপ পঢ়িম ?”
“তুমি চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথীখন পঢ়িব পাৰা।বৰ ভাল সেইখন।আমাৰ ঘৰতেই আছে।ৰ’বা মই চাই দিছোঁ।” – মাৰ দুটি নয়নত জিলিকি উঠিছিল ৰঙীণ সপোনৰ আলোক।
কিছু সময়ৰ পাছত মায়ে মোৰ হাতত তুলি দিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ এখন বিখ্যাত উপন্যাস “মহাৰথী”।মায়ে হেনো সেইখন মোৰ জন্মৰ পূৰ্বে এবাৰ পঢ়িছিল। মোৰ সেইখনৰ কাহিনীটোৰ বিষয়ে জানিবলৈ উত্তেজনা বাঢ়িল। ৰ’বা নোৱাৰি মই পঢ়িব ধৰিলোঁ।এইখনেই জীৱনৰ প্ৰথম উপন্যাস আছিল যিখন মই পঢ়িছিলোঁ। লাহে লাহে সেইখনৰ পাত লুটিয়াই-লুটিয়াই গ’লোঁ আৰু কাহিনীটোৰ ভিতৰত বুৰ গ’লোঁ। পাছত মই জানিবলৈ পালোঁ যে এইখন উপন্যাস মহাভাৰতৰ এজন মহান যুদ্ধা আৰু দানবীৰ, কৰ্ণৰ জীৱনৰ ওপৰত আধাৰিত। মই কৰ্ণৰ ব্যক্তিত্বৰ বিষয়ে জানিবলৈ পাই বিস্মিত হৈছিলোঁ।তেওঁৰ জীৱন সঁচাকৈ বৰ কঠিন আৰু মৰ্মান্তিক আছিল।তেওঁৰ বিষয়ে মই বহুতো জানিবলৈ পালোঁ। কৰ্ণ হৈছে ত্যাগ, মিত্ৰতা, দানবীৰ, যুদ্ধা ইত্যাদিৰ এটি বিশেষ দৃষ্টান্ত। মই সেইখন উপন্যাস এমাহৰ ভিতৰতেই শেষ কৰিছিলোঁ।চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ লিখনিবোৰ বৰ সুকীয়া আছিল।পঢ়ি আমনি নলগা আছিল।
উপন্যাসৰ জগতৰ পৰা মই প্ৰৱেশ কৰিছিলোঁ কবিতাৰ জগতলৈ।কবি নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাবোৰ মই অনলাইনত পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। লগতে জ্যোতি সংগীত আৰু বিষ্ণুৰাভা সংগীতো সমানেই শিকিছিলোঁ আৰু গুণগুনাই ফুৰিছিলোঁ।
নাজানো কিয় ! কবিতাৰপ্ৰতি মোৰ এক বিশেষ আকৰ্ষণ উপজিছিল। অসমীয়া সাহিত্যৰ মহা মহা কবি সকলৰ কবিতা পঢ়ি মই মুগ্ধ হৈছিলোঁ। এদিন মই মনতে ভাবিলোঁ যে মইও এটা কবিতা লিখিম। কিন্তু কিহৰ কবিতা লিখিম, কাক লৈনো কবিতা লিখিম। এই ভাৱটো লৈয়েই এটা কবিতা লিখিছিলোঁ সেই সময়ত, কবিতাৰ শিতান দিছিলোঁ ‘কবিতা’।
“কবিতা ! কি কবিতা লিখিম,মই জানো কিবা জ্ঞান দিব পাৰিম।
কবিতা মানেই বা কি,
হৃদয়স্পৰ্শী হবনে বাৰু মোৰ লিখনি।
কিহক লৈনো মই কবিতা লিখিম,
কবিতাৰ শিৰোনাম কি বুলি বাৰু দিম।
কেই শাৰী মই বাৰু কবিতা লিখিম,
কেনে শব্দৰ মই বাৰু প্ৰয়োগ কৰিম।
কেনেকৈ মই বাৰু প্রশংসা কৰিম,
কেনেকৈ পাঠকৰ হৃদয় জিনিব পাৰিম।
বিচাৰি কবিতা মই পথাৰ গৈ পাওঁ,
প্ৰতিটো বস্তু মই প্ৰাণ ভৰি চাওঁ।
আছে কাষতে সোণালী ধাননি,
ওচৰতে আছে যেন সৰু-সৰু আলি।
সৌৱা চোৱা ! ধানবোৰে নাচিব ধৰিছে,
সৌৱা চোৱা ! চৰাইবোৰেও গীত জুৰিছে।
বতাহক সুধিলোঁ মোৰ কবিতা পালানে ?
বতাহেও সুধিছে কবিতা ভাবিছানে ?
মোৰ কবিতাৰ বাৰু ছন্দ মিলিবনে !
মোৰ কবিতা কাৰোবাৰ বাৰু প্ৰেৰণা হবনে !
নতুন দিনৰ সপোন দেখোঁ, দেখিলেই সোণালী ধান,
প্ৰকৃতিৰ মই যেন এটি সন্তান।
ধৰা আৰু সমাজৰ বাবে কবিতা লিখিম,
ধৰা আৰু সমাজৰ উন্নতি কৰিম।”
নাজানো সেইদিনা মোৰ মনৰ পৰা কেনেকৈ এই কবিতাটি ওলাই আহিল। এছাটি শীতল বতাহৰ পৰশ পাই এই কবিতাটি লিখিছিলোঁ। উলাহেৰে পাছত মই দেউতাক এই কবিতাটি এবাৰ দেখুৱালোঁ।মোৰ দেউতা এই কবিতাটো পঢ়ি বিস্মিত হৈ পৰিছিল।কিছু সময় নীৰৱে ৰৈ সুধিছিল – “ক’ৰ পৰা লিখিলা এই কবিতাটো ! কোনো লিখিছে এইটো?”
মই ভাবিছিলোঁ দেউতাই চাগৈ ভাল লিখিছা নতুবা কিছু ভুল শুধৰাই দিলে হয়, কিন্তু দেউতাৰ বিস্মিত মুখখন আৰু এই প্ৰশ্নটোৱে মোক নিমাত কৰি তুলিছিল।
মই মাকো দেখুৱাইছিলোঁ, কিন্তু মায়ে বিশ্বাস কৰিছিল।মই দেউতাৰ এনে উত্তৰৰ পৰা কেতিয়াও বেজাৰ পোৱা নাছিলোঁ, বৰঞ্চ মই কিবা নতুন লিখিবলৈ অসীম সাহসহে পাইছিলোঁ। দেউতাৰ কোনো ভুল নাছিল, কিয়নো এই আধুনিক যুগত কবিতা নকল কৰি নিজৰ নাম দিবলৈ কবিতাৰ অকণো অভাৱ নাই। কেৱল কবিতা নহয়, সাহিত্যৰ অন্য ভগবোৰৰো এই যুগত যেন বেপাৰ চলিব ধৰিছে। বিশেষকৈ গীতৰ নকল বেছিকৈ হয়।মোৰ দেউতা বুলিয়েই নহয়, বিশ্বৰ প্ৰতিজন পিতৃয়ে হয়তো কিঞ্চিত হলেও সন্দেহ কৰিলে হেতেন।আচলতে, এনে পিতৃসকলহে প্ৰকৃতাৰ্থৰ এজন পিতৃ।কিয়নো দেউতাই মোৰ কথা গভীৰকৈ ভাবি চাইছিল।সেই বাবেহে তেনে এক প্ৰশ্ন কৰিছিল।
কিছুদিন পাৰ হৈ গৈছিল। কৰুণাই ক্ৰমাৎ ভয়ংকৰ ৰূপ লবলৈহে ধৰিছিল। মোৰ মনত কৰুণাৰ প্ৰতি এক শংকা উপজিছিল। সুদিন যে ঘূৰি আহিব, তাৰ আশা মই এৰিয়েই দিছিলোঁ। TVঅন্ কৰিলেই কেৱল এটাই খবৰ, কৰুণাত আজি ইমান আক্ৰান্ত, সিমান নিহত।এই শান্তিপূৰ্ণ ধৰণীখনত যেন সচাকৈ নামি আহিছিল নৰকৰ সেই ঘোৰ অন্ধকাৰ। কত লোকে যে নিজৰ আত্মীয় জনক হেৰুৱালে।কোনো ভগ্নী, কোনো ভাতৃ, কোনো পিতৃ, কোনো মাতৃ, কোনো প্ৰেমিক, কোনো প্ৰেমিকাৰ যেন স্বৰ্ণালী তুলিকা আৰু পত্ৰবোৰ এজাক ধুমুহাত উৰি গ’ল অসীম সিমনালৈ। এক ঠিকনাবিহীন অজ্ঞাত জগতলৈ। কত যে নিৰীহ লোকৰ প্ৰাণ হেৰাল।
মোৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এটা গান মোৰ মনত বাৰে বাৰে ভাহি আহিছিল – “মোৰ মন কিয় যে সোণোৱালী হ’ল।” সেই গীতটি শুনি মই আৱেগিক হৈছিলোঁ, লগতে এনে লাগিছিল মই কোনো আপোন এজনক বিচাৰি পালোঁ। তথাপিও কৰুণাৰ সেই মৰ্মান্তিক খবৰবোৰ পাই মোৰ বুকুখন কান্দি উঠিছিল।“দুমহীয়া কেঁচুৱা এটাৰ পিতৃয়ে কৰুণাত আক্ৰান্ত হৈ সাৱটি ল’লে অকাল মৃত্যু”, “ন দম্পতী এহালৰ অকাল বিয়োগ”, ইত্যাদি ইত্যাদি খবৰবোৰত মোৰ অন্তৰখনে ভুকুৱাই ভুকুৱাই কান্দিব বিচাৰিছিল। কিন্তু সেই দুৰ্ভগীয়া মৃতকৰ আত্মীয় সকলক সান্তনা দিম কেনেকৈ। উপায় নাই, এই ঘটনা আৰু খবৰবোৰ সোঁৱৰিলে আজিও মোৰ দুটি নয়নৰ পৰা বৈ আহে দুধাৰী দুখৰ আৰু আৱেগৰ চকুলো।
সেই সকলো মোৰ অচিনাকী হ’লেওমোৰ আপোন আছিল, এনে লাগিছিল মোৰ।কৰুণা সকলোৰে বাবে হৈ পৰিছিল এটি দুৰ্বোধ্য সাঁথৰ।
চীন দেশত উৎপত্তি হোৱা এই মহামাৰীটোৱে নাজানো আৰু কিমান নিৰীহ প্ৰাণৰ সৰল কাহিনী নাশ কৰে। সকলো চৰকাৰী-বেচৰকাৰীকাৰ্য্যালয়বন্ধ হৈ পৰিছিল। চহকীলোকে বাৰু ঘৰৰ পৰাই কাম কৰিব পাৰিছিল, কিন্তু দৰিদ্ৰ সকলে কেনেকৈ জীৱন নিৰ্বাহ কৰিব। যি সকলে মজদুৰী কৰি, খেতি কৰিঅথবা ঠেলা চলাই দুই-এটকা উপাৰ্জন কৰি সংসাৰ চলাইছিল,সেই সকলে কেনেকৈ জীৱন কটাব ?
এই কৰুণা ভাইৰাছ কাৰোবাৰ বাবে হৈছিল আশীৰ্বাদ স্বৰূপ আৰু কাৰোবাৰ বাবে অভিশাপ স্বৰূপ।পিছে এই কৰুণা ভাইৰাছ মোৰ বাবে আশীৰ্বাদ স্বৰূপহে আছিল।কিয়নো এই কৰুণাৰ ভয়াৱহ দিনবোৰতেই মোৰ হাতত আহিছিল কাব্যিকতাৰ গুণবোৰ।মোৰ সাহিত্য জীৱনৰ কিতাপত হয়তো কৰুণাৰ দিনবোৰেই আছিল প্ৰথম পৃষ্ঠা।
এদিন মই ড্ৰয়িং ৰুমত বহি থাকোতে ইফালে সিফালে চকু ফুৰাই চালোঁ।মোৰ সন্মুখত দেখোঁ গুৰু শংকৰৰ এখন ক্ষুদ্ৰ প্ৰতিচ্ছবি।নাজানো কিয় মোৰ মনত হঠাৎ উপজিছিল গুৰু শংকৰৰ প্ৰতি এক আধ্যাত্মিক ভাৱ।বৰগীতৰ অমিয়া সুৰবোৰ মোৰ মনত ভাহি আহিবলৈ ধৰিছিল। সেইবাবে মোৰ মন আৰু হাতখনে ৰ’ব নোৱাৰি লিখিলে এটি নতুন কবিতা। শিতান দিয়া হৈছিল -“জয় গুৰু শংকৰ”।
“কুসুম্বৰৰ পুত্ৰ শ্ৰী শংকৰ গুৰু তুমি,ধৰিলা নামৰ তান,
পবিত্ৰ কৰিলা বৰদোৱা থান।
শংকৰ গুৰু তুমি ধর্ম থাপিলা,
হৰিৰ দৰে তোমাৰ কি যে লীলা।
ঈশ্বৰৰ দূত ৰূপে ধৰালৈ আহিলা,
ধৰ্ম শংকৰ গুৰু থাকা ধৰ্মৰ চৰণত তুমি,
ধন্য হল তোমাৰ পৰা অসম ভূমি।
ধর্ম গুৰু তুমি সকলোৰে,
থাকা তুমি মণিকূটৰ চৰণে।
শংকৰ গুৰু তুমি নমস্য,
আছিল মাধৱদেৱ তোমাৰ প্রিয় শিষ্য।
কৰ তল কমল লিখিলা শিকি বর্ণমালা,
হাতী মাৰি ভুৰুকাত ভৰাই লিখিলা গুণমালা।
প্রিয় হয় তোমাৰ আই খেৰসুতি,
জিলিকাই ৰাখিলা তুমি অসমৰ সংস্কৃতি।
শিক্ষা গুৰু তোমাৰ মহেন্দ্ৰ কন্দলী,
উজ্জ্বল হৈ থাকা অসমৰ আকাশত যেন তৰাৰ তৰাৱলী।
দেৱ উপাধিৰে উজ্জ্বলিল তোমাৰ নাম,
ধৰ্ম ৰক্ষা কৰা হৈছে আমাৰ কাম।
কাশী-গঞা বৃন্দাবন কৰিলা ভ্রমণ,
সকলোকে বিলালা ভাগৱত শৰণ।
কোচবিহাৰৰ পৰা প্ৰস্থান কৰা স্বৰ্গধামলৈ,
আমাৰ বাবে বৰগীতৰ স্মৃতি থৈ।
।। জয় গুৰু শংকৰ।।
এই কবিতাটি লিখাৰ পাছত মোৰ দুহাত কঁপিব ধৰিছিল আৰু চকুৰ পৰা অশ্ৰু বৈ আহিছিল।এনে লাগিছিল, জানোচা গুৰু শঙ্কৰে মোক এই জগতখনি নৱ ৰূপে সঁজাবলৈ মোক আশীৰ্বাদ দিছিল।কিবা এক ঐশ্বৰি শক্তিৰ অনুভৱ হৈছিল।ইফালে মনত ভাহি আছিল বৰগীতৰ সেই স্বর্গীয় অনুভূতিৰ সুৰবোৰ।
নিশা মই আগৰ দৰে পুনৰ দেউতাক এই কবিতাটি দেখুৱালোঁ। এইবাৰ মোৰ দেউতা পূৰ্বতকৈ দুগুণে আঁচৰিত হ’ল। দেউতাই এটা এটা শব্দ তন্ন-তন্নকৈ চালে আৰু মোক তেতিয়া বিশ্বাসত ল’ব পাৰিছিল। দেউতাৰ চকুতো বিৰিঙিছিল সুখৰ এক সুকীয়া চকুলোৰ ধাৰা।দেউতা এই কবিতাটি পঢ়ি মুগ্ধ হৈছিল।এইবাৰ দেউতাই চাগৈ বুজি পালে, এই কবিতাটি মই নিজেই লিখা।দেউতাই এগুণে মোক মৰমেৰে সাৱটি, দুগুণে কপালত কেইটামান চুমা দি, তিনিগুণে মোক দিছিল ন ন কবিতা লিখিবলৈ অসীম উৎসাহ আৰু প্ৰেৰণা। দেউতাৰ সেইদিনাৰ কোমল সুখৰ হাঁহিটি মই আজিও পাহৰিব নোৱাৰোঁ।দেউতাৰ হাস্যমুখ দেখি কিমান যে ভাল লাগিছিল মোৰ।তাক শব্দেৰে বুজাই ক’ব নোৱাৰি।মোৰ মনত তিনিগুণে বাঢ়িল কবিতা লিখিবলৈ সাহস।
এই দিনটোৰ পৰা মই এটা-এটাকৈ কবিতা লিখি গ’লোঁ। দেউতাই মাথোঁ মুগ্ধ হৈ পঢ়ি গৈছিল কবিতাবোৰ। মোৰ কবিতাৰ প্ৰথম পাঠকেই আছিল মোৰ মা আৰু দেউতা। মই এই কৰুণাৰ বন্ধতেই কবিতা লিখাৰ বাবে দেউতাই আজিও কেতিয়াবা মোক “বন্ধাকবি” বুলি জোকাই। অৰ্থাৎ বন্ধৰ দিনত কবিতা লিখা কবি। মইও মিচিকিয়াই এটা হাঁহি মাৰিহে দিওঁ।
বন্ধৰ সেই দিনবোৰত মোৰ মনোৰঞ্জন স্বৰূপে আছিল দূৰদৰ্শনৰ ‘ৰামায়ণ’, ‘মহাভাৰত’ আৰু ‘শক্তিমান’।মহাভাৰতৰ কৰ্ণক দেখি মোৰ মনত পৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথীখনৰ সকলো কথা।আখৰেৰে পঢ়া কাহিনীটো এখন ধাৰাবাহিক ৰূপে চাবলৈ পাই মই পুলকিত হৈছিলোঁ।
এই lockdownৰ দিনতেই মোৰ চিনাকি হৈছিল, মোৰ জীৱনৰ এজন প্ৰকৃত বন্ধু – স্বৰ্গম কিশোৰ শৰ্মাৰ স’তে। সি বৰ সৰল আৰু এজন বিশ্বসী বন্ধু। মই নিতৌ তাৰ সৈতে ফোনত প্ৰায় এঘণ্টামানেই কথা পাতিছিলোঁ। নাজানো ইমান কিহৰ কথা পাতিছিলোঁ কিন্তু আমি দুয়োৰে কথাত বৰ ৰস পাইছিলোঁ। কিয়নো আমাৰ কথা আৰু মনৰ মিল হৈছিল।সুখৰ, দুখৰ, সকলো ধৰণৰ কথাৰ যেন এক মেল বহিছিল আমাৰ মাজত। তাৰ অন্তৰখন বৰ বিশাল আৰু চাফা।তাৰ সৈতে আজিও মোৰ যোগাযোগ আছে।
এদিনৰ কথা, মোৰ মনত আছে, সি আৰু মই কিবা এটা কথা পাতি আছিলোঁ। সি মোক কৈছিল – “মই লিখা articleএটা ৰঙিলী বাৰ্তাত ওলাইছে। চাবাচোন কেনেকুৱা হৈছে articleটো।”
তেতিয়া মই তাৰ মুখৰ পৰাই ৰঙিলী বাৰ্তা নামৰ এখন E-Newpaper ৰ বিষয়ে জানিবলৈ পাইছিলোঁ। স্বৰ্গমৰ জেঠাইয়েক তথা দেউতাৰ স্কুলৰ এগৰাকী বিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী – বন্দিতা শৰ্মা বাইদেউ হেনো ৰঙিলী বাৰ্তাৰ সম্পাদক জনক ভালকৈ চিনি পায়। বন্দিতা বাইদেউৰ ওচৰতো হয়তো মই আজীৱন ঋণী হৈ থাকিব লাগিব। তেওঁৰ বাবেই মই মোৰ কবিতাবোৰ ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ এটা মাধ্যম পালোঁ। এদিন দেউতাই মোৰ কবিতাবোৰ বন্দিতা বাইদেউক দেখুৱালে। বন্দিতা বাইদেউ কবিতাবোৰ পঢ়ি আঁচৰিত হৈছিল।কোনোবা ডাঙৰ মানুহে লিখা যেন পায়হেনো। সেইদিনাও বন্দিতা বাইদেৱেও ৰঙিলী বাৰ্তাৰ বিষয়েই কৈছিল।সম্পাদকজন বৰ ভাল বুলি কৈছিল।সেইদিনাই দেউতাই মোক ৰঙিলী বাৰ্তাত কবিতা এটা পঠাবলৈ কৈছিল।মই WhatsAppতপ্ৰথমে messageদিছিলোঁ- “ৰঙিলী বাৰ্তা হয়নে ?”
উত্তৰ আহিছিল – “হয়।”
মই ততালিকে “জয় গুৰু শংকৰ” কবিতাটি পঠালোঁ। পাছদিনা website তগৈ দেখোঁ যে মোৰ কবিতাটি ৰঙিলী বাৰ্তাত প্ৰকাশ পালে। সেইদিনাই সূচনা হৈছিল মোৰ সাহিত্য জীৱনৰ এটি নতুন অধ্যায়ৰ।
সেইদিনাৰ পৰাই মই নিতৌ এটা নতুন নতুন কবিতা ৰঙিলী বাৰ্তালৈ প্ৰেৰণ কৰিছিলোঁ। উৎসৱ-পাৰ্বণ আদি কৰি জন্ম-মৃত্যু দিৱস পৰ্যন্ত মই কবিতা লিখিছিলোঁ ৰঙিলী বাৰ্তাৰ বাবে।সম্পাদক অৰ্থাৎ উদ্দীপ্ত নয়ন মেধি ছাৰে মাজে সময়ে দুই-এটা কোমেণ্টো দিছিল মোক উৎসাহ দিবলৈ।কিন্তু তেতিয়ালৈকে ছাৰে জনাই নাছিল যে কবিতাবোৰ মাত্ৰ এজন ষষ্টম শ্ৰেণীৰ ছাত্ৰই লিখা। যেতিয়া উদ্দীপ্ত ছাৰে বন্দিতা শৰ্মা বাইদেউৰ মুখৰ পৰা জানিবলৈ পালে যে এই কবিতা বোৰ এজন ষষ্টম শ্ৰেণীৰ ছাত্ৰ অৰ্থাৎ মই লিখা।তেওঁ চক খাই গৈছিল। কেইদিনমান পাছত তেখেতৰ এটা ফোন আহিল। তেতিয়ালৈকে উদ্দীপ্ত ছাৰৰ সৈতে আমাৰ ফোনত সংযোগ হোৱা নাছিল।কেৱল Chatৰূপেহে সংযোগ আছিল। ছাৰে মোৰ দেউতাক ক’লে – “আপোনাৰ ল’ৰাৰ কবিতাবোৰ বৰ অৰ্থপূৰ্ণ আপুনি জানেনে ! পিছে কবিতাবোৰ কিতাপ আকাৰ দিব বিচাৰে নে কেতিয়াবা।”
হয়তো কথাটো !মোৰ কবিতাবোৰ যদি কিতাপ আকাৰ দিব পাৰোঁ তেন্তে ইয়াতকৈ আৰু কি ভাল হব মোৰ বাবে। কবিতাবোৰো সংৰক্ষিত হৈ থাকিব আৰু মোৰ ঈশ্বৰসম পাঠকেও কবিতাৰবোৰ কিতাপ আকাৰত হাতত তুলিব পাৰিব।
উদ্দীপ্ত ছাৰে মোক ‘বাবা’ বুলি সম্বোধন কৰে।কি এক আপোন মাত। এনে নালাগেই যেন তেওঁ মোৰ জীৱনলৈ অহা এজন অচিন লোক। তেওঁ মোৰ পৰিয়ালৰ কোনো এজন আত্মীয়, এনে ভাব হে মনলৈ আহে।অচিনাকী হ’লেও তৎক্ষণাত হৈ পৰিছিল বহু যুগৰ এজন চিনাকী মানুহ।শৰতৰ এটি ৰূপোৱালী জোনাকৰ দৰে যেন তেওঁ মোৰ জীৱনলৈ হৈ আহিল এটি জোনাক।
সেইদিনাৰ পৰাই মই বহুতো কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ কিতাপৰ বাবে। কিতাপৰ কামো আৰম্ভ হৈছিল।মোৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পাছত এমাহ বন্ধ পাইছিলোঁ। সেই এমাহত মই ভালেখিনি কবিতা লিখিলোঁ।সৰুকৈ এটা বিষয় পালেও মই লিখিছিলোঁ। উদ্দীপ্ত ছাৰৰ লগত প্ৰথম দেখা-দেখি হৈছিল ২০২২ চনৰ ১৭ মে’তাৰিখে ISBTত, যেতিয়া আমি ঘৰলৈ উভতি আহিছিলোঁ হাজোৰ জেঠিমাহঁতৰ ঘৰৰ পৰাআৰু গাড়ীৰ বাবে ৰৈ আছিলোঁ। তেখেতক প্ৰথমবাৰ দেখা পাই মোৰ মন প্ৰাণ নাচি উঠিছিল। মই ছাৰৰ দুই চৰণ চুই আশীৰ্বাদ ল’ব খোজাত ছাৰে ক’লে – “চাওঁ নাপাই নাপাই ! আমি বন্ধুহে।”
ছাৰৰ ব্যক্তিত্ব সঁচাকৈ বৰ পৃথক আৰু বিশেষ আছিল।তেখেতৰ মাতত মই বিচাৰি পাইছিলোঁ আত্মীয়তাৰ পৰশ, প্ৰেৰণাৰ এটি ধল।
মাতৃ-পিতৃৰ পাছত উদ্দীপ্ত ছাৰেই মোৰ জীৱনৰ এজন বিশেষ ব্যক্তি। সেইদিনা উদ্দীপ্ত ছাৰে মোৰ প্ৰথম কিতাপৰ proofcopyটো হাতত তুলি দিছিল আৰু ঘৰ গৈ পালে এবাৰ checkকৰি চাবলৈ কৈছিল দেউতাক। কেৱল এয়েই নহয় সেইদিনা উদ্দীপ্ত ছাৰে মোৰ বাবে কেইটামান Chocolate, Cookies, SoanPapdiআৰু বহুত কিবাকিবি দিছিল। নাজানো পূৰ্ব জনমত কি এনে পূণ্য কৰিছিলোঁ যে এই জনমত মই উদ্দীপ্ত ছাৰক বিচাৰি পালোঁ। সচাকৈ আপোনতকৈও আপোন উদ্দীপ্ত ছাৰ।
এনেকৈ কিছু মাহ বাগৰিল। বহু কষ্ট আৰু অপেক্ষাৰ মূৰত আহিল সেই দিনটো।মোৰ জীৱনৰ প্ৰথম কিতাপৰ উন্মোচনীৰ দিন। মোৰ কিতাপখন গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হ’ব। মোৰ আনন্দৰ কোনো সীমা নাছিল।সেই কেইদিনৰ আনন্দ শব্দেৰে বুজাব নোৱাৰা।
অৱশেষত ২০২২ চনৰ ৩০ ডিচেম্বৰ তাৰিখে মোৰ জীৱনৰ প্ৰথম গ্ৰন্থ তথা কাব্য গ্ৰন্থৰ উন্মোচনী হ’ল গুৱাহাটীৰ লুইতৰ পাৰৰ প্ৰখ্যাত প্ৰেছ ক্লাবত।সেইদিনা মোৰ মনত বাৰে বাৰে বাজিব ধৰিছিল ভূপেন হাজৰিকা দেৱৰ এটি সমবেত গীত – “জিলিকাব লুইতৰে পাৰ।”
তেতিয়ালৈকে কৰুণাৰ নামেই নোহোৱা হৈ পৰিছিল।সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল।মই তাত মোৰ হৃদয়ৰ কথা কিছু পাঠক সকলক কৈছিলোঁ। নিমন্ত্রিত বিশিষ্ট ব্যক্তিসকল আছিল – “মুকুল চক্ৰৱৰ্তীদেৱ,সাহিত্যিক গোপাল জালানদেৱ, হোমেশ্বৰ কলিতাদেৱ, পৱন আগৰৱালাদেৱ আৰু যুতিকা ওজা বাইদেউ।”
সভাখনিৰ সভাপতিৰ আসন গ্ৰহণ কৰিছিল শ্ৰদ্ধাৰ মুকুল চক্ৰৱৰ্তী ছাৰে। তেখেতসকলে বহুতো জানিব লগা কথা আৰু কাব্যিকতাৰ গুণৰ কথা বিস্তাৰ কৰি কৈছিল।মই প্ৰথমে অপ্ৰস্তুত হৈছিলোঁ, কিন্তু পাছত তেখেতসকলৰ প্ৰেৰণামূলক কথাবোৰেমোৰ মন শান্ত কৰি তুলিছিল। মোৰ এনে ডাঙৰ ব্যক্তিৰ সৈতে কোনোদিনে চিনাকি হোৱা নাছিল, সেইবাবে অলপ ভয়-ভয়ো লাগিছিল।এনে মহান ব্যক্তিসকলৰ সান্নিধ্যত অহাৰ বাবে মই নিজকে ভাগ্যৱান বুলি গণ্য কৰোঁ।
সভা ভংগ হোৱাৰ পাছত বহুতে মোৰ কিতাপ হাতত তুলি লৈছিল। কিমান যে ভাল লগা অনুভূতি আছিল সেইবোৰ। মোৰ সৈতে এজন এজনকৈ আহি হাত মিলাইছিল আৰু অনাগত দিনৰ বাবে মোক দুগুণে প্ৰেৰণা দিছিল।
উদ্দীপ্ত ছাৰে মোক কৈছিল – “তোমাৰ এতিয়া এখন বিশাল পাঠক সমাজ আছে।তুমি যাতে তেওঁলোকৰ বাবে, দেশৰ বাবে আৰু নতুন নতুন সাহিত্য ৰচনা কৰা।”
মই উলাহেৰে কৈছিলোঁ – “হব ছাৰ।”
দেউতাই বুকু ফুলাই কৈছিল – “এইয়া মোৰ ল’ৰা।”
মোৰ মা আৰু পৰিয়ালৰ সকলো সদস্য মোক লৈ সেইদিনা গৌৰৱ অনুভৱ কৰিছিল।
সকলো কাম ভালে-ভালেই হ’ল।
কিন্তু উদ্দীপ্ত ছাৰে যোৱাৰ সময়ত এটা কথা মোক কৈছিল – “তুমি গল্প লিখিবাচোন।Nextপুথিখন গল্প সংকলন উলিয়াব লাগিব দেই !”
“বাৰু ছাৰ মই চেষ্টা কৰিম।” – এইটো মোৰ উত্তৰ আছিল।
সেইদিনাৰ পাছৰে পৰা মোৰ মনত ছাৰৰ এই কথাফাঁকি গুজৰী-গুমৰী আছিল।কবিতাৰ জগতৰ পৰা গল্পৰ জগতলৈ অহাটো মোৰ বাবে সহজ নাছিল। ইয়াৰ বাবে মোৰ হাতত আহিব লাগিব উপযোগী কিছু শব্দ, মনত আহিব লাগিব এটা ভাল কাহিনীইত্যাদি ইত্যাদি। মই বাতৰি কাকতত নিতৌ গল্প বিচাৰি ফুৰিছিলোঁ আৰু বহুবাৰ পঢ়ি চাইছিলোঁ।এনেকৈ কিছু মাহ বাগৰিল। প্ৰায় তিনিমাহেই পাৰ হ’ল।
মই “মা দেউতাৰ সম হব কোন” শীৰ্ষকমোৰ জীৱনৰ প্ৰথম গল্প লিখিলোঁ।অৱশ্যে স্কুলৰ Magazineত দিবৰ বাবে পূৰ্বে মই “দানবীৰ কৰ্ণ” শিতানৰ কৰ্ণৰ জীৱনীমূলক এটি সৰুকৈ Articleলিখিছিলোঁ। কিন্তু মোৰ মনে সেইটো গল্পৰূপে গ্ৰহণ নকৰে।
গল্পটো দেউতাক দেখুৱালো।দেউতাই মোৰ এনে কামত তবধ মানিছিল আৰু মাথোঁ মন্ত্ৰমুগ্ধ হৈছিল।মই এই গল্পটো ৰঙিলী বাৰ্তালৈ প্ৰেৰণ কৰিলোঁ আৰু উদ্দীপ্ত ছাৰে মোক পূৰ্বৰ দৰে উৎসাহিত কৰি গ’ল। মই ৰঙিলী বাৰ্তাৰ ওচৰত চিৰঋণী হৈ ৰ’ম। উদ্দীপ্ত ছাৰ আৰু ৰঙিলী বাৰ্তা নাথাকিলে মই বোধকৰোঁ আজি কবি আৰু গল্পকাৰ ৰূপে গঢ় নাপালোঁ হয়।ৰঙিলী বার্তাই কি দিয়া নাই ! কত লোকৰ সাহিত্যক আগুৱাই নিছে এই ৰঙিলী বাৰ্তাই। ৰঙিলী বাৰ্তাই যেন মোক প্ৰকৃততে দিছিল এক ৰঙিলী বাৰ্তা।ৰঙিলী বাৰ্তাৰ বাবেই আজি মই মোৰ নামেৰে দেউতাৰ চিনাকি দিবলৈ সক্ষম হৈছোঁ, গল্প লিখিব পাৰিছোঁ।ৰঙিলী বাৰ্তাৰ প্রতিষ্ঠাপক তথা উদ্দীপ্ত ছাৰৰ পিতৃ স্বৰ্গীয় মহেশ চন্দ্ৰ মেধি দেৱলৈ মোৰ এটি গভীৰ শ্ৰদ্ধাঞ্জলি।তেখেত আজি আমাৰ মাজত নাই, তথাপিও এই ৰঙিলী বাৰ্তাৰ যোগেদি তেখেত অমৰ হৈ থাকিব যুগ-যুগান্তৰলৈ।তেখেতক শত-কোটি প্ৰণাম, এই ৰঙিলী বাৰ্তাৰ প্ৰতিষ্ঠা কৰাৰ বাবে। তেখেতে যাতে ৰঙিলী বার্তাক সৰগৰ পৰাই আৰ্শীবাদ কৰি ৰঙিলী বাৰ্তাক এনে মহৎ কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে, তাৰেই মোৰ কামনা। ৰঙিলী বাৰ্তাই মোৰ জীৱনত সঁচাকৈ এটি ৰঙিলী পথৰ সন্ধান দিলে।