ৰঙিয়াৰ আকাশে-বতাহে কেৱল হৰিনামৰ ধ্বনি

ৰঙিয়াৰ আকাশে-বতাহে কেৱল হৰিনামৰ ধ্বনি

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশনলৈ  দ্বিতীয় দিনাও পুৱাৰ পৰা ভক্তৰ লানিনিছিগা সোঁত বোৱা পৰিলক্ষিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকৰ সমাগম ঘটে মর্ত্যৰ বৈকুণ্ঠপুৰী মৰাণজানাৰ হাতীখলা পথাৰৰ ‘শ্রীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্র’ত। অধিৱেশনস্থলীত নির্মিত আটকধুনীয়া প্ৰধান নামঘৰত পুৱাৰ পৰা অগণন ভকত- বৈষ্ণৱৰ নাম-প্ৰসংগৰে আধ্যাত্মিক কেন্দ্ৰত পৰিণত হয়। আকাশে-বতাহে কেৱল হৰিনামৰ ধ্বনি। জাতি- বর্ণ-ধর্ম নির্বিশেষে প্রাণৱন্ত হৈ পৰিছে অধিৱেশনস্থলী। প্রথম দিনাতকৈ দ্বিতীয় দিনা ব্যাপক হাৰত ভক্তৰ সংখ্যা বৃদ্ধি হৈছে যদিও সংঘৰ সেৱা বাহিনীয়ে সুন্দৰ ব্যৱস্থাপনাৰে আপ্যায়ন কৰে। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, প্রাতঃপ্ৰসংগ, নাম-প্ৰসংগৰ পিছত প্রতিনিধি সভাকক্ষত সংঘৰ জিলা শাখাৰ সভাপতি আৰু সম্পাদকৰ এখন সন্মিলন অনুষ্ঠিত হয়। ইয়াৰ পিছত দিনৰ ভাগত সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড° জগত চন্দ্ৰ কলিতাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত নির্দিষ্ট বক্তা ড° দ্বিজেন্দ্র নাথ ভকতে মহাপুৰুষ শংকৰদেৱৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু জীৱন দর্শন সন্দর্ভত বিশদভাবে আলোকপাত কৰে। বিশিষ্ট বক্তা হিচাপে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মৃদুল হাজৰিকাই অসমীয়া জাতিসত্তাক পূর্ণাংগ ৰূপ দিয়া গুৰুজনাৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবে সকলোকে আহ্বান জনায়। সভাত সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি মৃণাল কুমাৰ বৰুৱাই শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰাজি বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াত লোৱা ভূমিকাক ভূয়সী প্রশংসা কৰে। ইয়াৰ পিছত সংঘৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি পৱিত্ৰপ্ৰাণ বৰাৰ সভাপতিত্বত সংস্কৃতি শাখা সমিতিৰ মুকলি সভা অনুষ্ঠিত হয়। প্রাক্তন উপ- পদাধিকাৰ বসুন্ধৰ ডেকাই উদ্বোধন কৰা উক্ত সভাত সন্মানীয় অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে শ্রীমন্ত শংকৰদেৱে মানুহৰ জীৱনৰ প্রতিটো দিশ প্রতিফলিত হোৱাকৈ নিজৰ সৃষ্টিৰাজিৰ জৰিয়তে বাট দেখুৱাই থৈ গৈছে। বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি যুগান্তকাৰী কাম কৰি থৈ গৈছে। তেওঁৰ দৰ্শন বাস্তব ক্ষেত্রত সকলোৱে প্ৰয়োগ কৰিলে এখন সুন্দৰ সমাজ পাবলৈ সক্ষম হ’ব বুলি দৈমাৰীয়ে দোহাৰে। সভাত সংঘৰ সংস্কৃতি শাখা সমিতিৰ প্রাক্তন সভাপতি ডাঃ নৱকৃষ্ণ, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সহযোগী অধ্যাপক ড° যাদৱ চন্দ্ৰ বৰাসহ বহুকেই গৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে। ইয়াৰ পিছত সন্ধিয়া সমূহীয়া প্রার্থনা, নাম-প্ৰসংগ, সাংস্কৃতিক সমাৰোহ, নাটঘৰত অংকীয়া নাট প্রদর্শন কৰা হয়। ইফালে নগাঁৱৰ বৰকলাৰ অসমীয়া শিখ গাঁৱৰ পৰা জছবীৰ সিং অধিৱেশনস্থলীলৈ আহি আহ্লাদিত হৈ পৰে। দুই দশকতকৈও অধিক কাল শংকৰদেৱ সংঘৰ সৈতে জড়িত থকাৰ পিছত এইগৰাকী অসমীয়া শিখ লোকে শংকৰদেৱ সংঘৰ প্ৰায় প্ৰতিখন অধিৱেশনতে অংশগ্রহণ কৰি আহিছে। নিজকে এজন অসমীয়া বুলি চিনাকি দিয়া জছবীৰ সিঙে সলসলীয়াকৈ গাব পাৰে ঘোষা। জছবীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিবৃত্ত ব্যাখ্যা কৰি শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰু নানকৰ সাক্ষাৎকাৰ আৰু ধৰ্ম প্ৰচাৰৰ বিষয়েও বহলাই কয়। লগতে দুয়োগৰাকী ধৰ্মগুৰুৰ চিন্তাধাৰা তথা আদৰ্শৰ সাদৃশ্যৰ বিষয়েও মনত পেলাই উপস্থিত লোকসকলৰ সৈতে মত বিনিময় কৰে।