ৰঙালী বিহু – এছ, ইছলাম

ৰঙালী বিহু
 এছ, ইছলাম, বৰপেটা
চ’তৰ অন্তত বসন্তৰ আগমন
ৰঙালী বিহু কৰোঁ উৎযাপন
গৰুক গা ধোৱা নতুন পঘাৰে বান্ধা
দীঘলতী মাখিয়তীৰে কোবাই
গৰু বিহু পালন এয়াই।
সাত দিনত সাত বিহু
সৰুৱে ডাঙৰক সেৱা জনায়
ডিঙিত ফুলাম গামোচা মেৰিয়াই
মানুহ বিহুৰ এয়াই বিহুৱান।
ঢোল-পেঁপাৰ সুৰে
নিশাত বিহুৰ মহানন্দে
কাঢ়ি লয় মনপ্ৰাণ
বহাগী বিহু বৰ চঞ্চলা
ডেকা-গাভৰুৰ উতলা যৌৱন।
বিহুত মূগাৰ ৰিহা-মেখেলা চাদৰ
সকলোতে পায় আদৰণি
বিহু গীতেৰে মুখৰিত হয়
আকাশে-বতাহে সিঁচৰতি অসমৰ।
ঢুলিয়াৰ ঢোলত কোব
নাচনীৰ মহানাচ
ৰঙালী বিহুৰ ৰঙে মন কাঢ়িলে
ডেকা-গাভৰুৱে হৃদয় ছন্দ হেৰালে
বুঢ়া-বুঢ়ীৰ মনতো উৰুলি
আনন্দৰ নাথাকে একো বাকী।