ৰক্ষক
নীলাঞ্জনা দেৱী বৰুৱা
যোৰহাট
পিঠাগুড়িখিনি তোৰ নিচিনাকৈ ভালকৈ লেপি দে আকৌ মোৰ মুখতো দাদা ৷
দহ বছৰীয়া মলয় আৰু আঠ বছৰীয়া মৰমীহতঁৰ ঘৰৰ সন্মুখত নিশা আজিকালি ভূত পোৱালি দুটা ঘূৰি ফুৰে ৷ কথাটো গাঁওখনত ৰাষ্ট্ৰ হৈ পৰিছে ৷
দেউতাকবিহীন ঘৰখনত গাভৰু মাকজনীক দুঠেঙীয়া কুকুৰনেচিয়াবোৰৰ পৰা ৰক্ষা কৰিবলৈ ল’ৰাছোৱালীহালে এইটো বুদ্ধিকে ভাবি উলিয়াইছে ৷