৭ ভেকচিন প্রস্তুতকাৰী কোম্পানীৰ প্ৰতিনিধিৰ সৈতে বৈঠক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Pc- Ndtv.com

৭ ভেকচিন প্রস্তুতকাৰী কোম্পানীৰ প্ৰতিনিধিৰ সৈতে বৈঠক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড ভেকচিন প্রস্তুতকাৰী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, ভাৰত বায়’টেক, ড° ৰেড্ডীজ লেবৰেট’ৰিজ, জাইডাছ কেডিলা, বায়’ল’জিকেল ই, জেন’ভা বায়’ ফাৰ্মা আৰু পানাছিয়া বায় টেকৰ প্ৰতিনিধিক সাক্ষাৎ কৰে। প্রধানমন্ত্রী কার্যালয়ৰ পৰা প্ৰকাশ কৰা মতে, ৭ ভেকচিন প্রস্তুতকাৰী কোম্পানীৰ প্ৰতিনিধিৰ সৈতে মিলিত হৈ প্ৰধানমন্ত্রী মোদীয়ে ভেকচিন উৎপাদনৰ বাবে কোম্পানীকেইটাক প্রশংসা কৰাৰ লগতে পৰৱৰ্তী সময়ত উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰো উপস্থিত থাকে । ১৬ জানুৱাৰীৰ পৰা পৰ্যায়ক্রমে দেশত বিশ্বৰ বৃহত্তম ক’ভিড-১৯ টিকাকৰণ অভিযান চলি আছে আৰু ২১ অক্টোবৰত ১০০ কোটি ভেকচিন প্রদানেৰে ইতিহাস গঢ়ে।