‘৭৩ তম স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগীতাৰ শুভাৰাম্ভ’

‘৭৩ তম স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগীতাৰ শুভাৰাম্ভ’

দেৱাশীষ গোস্বামী,নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়াম প্ৰাঙ্গনত কালিৰে পৰা ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবল খেলখনি অনুষ্ঠিত হৈছে। সর্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত আমন্ত্ৰণমূলক ৭৩ তম প্রাইজমানি প্রতিযোগীতা খনিত এইবাৰ মুঠ ১২টা দলে অংশ গ্রহণ কৰিছে।’All India Football Federation’ তথা ‘Assam Football Association’ ৰ দ্বাৰা স্বীকৃতি প্রাপ্ত আৰু নগাঁও ক্রীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্রতিযোগীতা খনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ তথা বিশিষ্ট ক্রীড়া সংগঠক দীপক দাসে। নগাঁও ক্রীড়া সংস্থাৰ সাধাৰণ সম্পাদক প্লাবন বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা উদ্বোধনী অনুষ্ঠানত প্রাক্তন খেলুৱৈ তথা প্রবীন ক্রীড়া সংগঠক হেমেন গোঁহাই,আব্দুল মতিন,ড° জগন্নাথ বিশ্বকর্মা সমম্বিতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।নৈশ লোকত অনুষ্ঠিতা তীব্ৰ প্ৰতিদ্বণ্ডিতামূলক উদ্বোধনী খেলখনত মাজুলীৰ কাৰছং ফুটবল ক্লাবে টাইব্রেকাৰ পদ্ধতিত ওদালগুৰিৰ দৈমালু ক্লাবক ৬-৪ গলত পৰাজিত কৰে।আজিৰ খেলখন পৰিচালনা কৰে ৰেফাৰী কল্যান বৰুৱাই৷তেওঁক সহায় কৰে ঘনশ্যাম দাস, শোণিত কুমাৰ বৰা আৰু ৪র্থ শ্রেণী ৰেফাৰী নিৰ্মল ভট্টাচাৰ্যীয়ে। প্ৰতিযোগীতা খনিৰ আজি ২য় দিনৰ খেলত প্রতিদণ্ডিতা কৰিব মৰান টাউন ক্লাবে তিনিচুকীয়া বদৌচা ক্লাবৰ বিৰুদ্ধে।বিয়লি ৫.৩০ বজাৰ পৰা খেলখন অনুস্থিত হব। প্রতিযোগীতা খনি উদ্যোক্তা নগাওঁ ক্ৰীড়া সন্থাই সকলো ক্রীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছে।প্ৰতিযোগীতা খনিৰ চূড়ান্ত খেলখন ১০ ডিচেম্বৰ তাৰিখে নগাওঁ ক্ৰীড়া সন্থাৰ খেলপথাৰতে অনুষ্ঠিত হব।