৪৬ হেজাৰ লোক ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত

pc- The Indian Express

৪৬ হেজাৰ লোক ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ৪৬,২৮০ জন কৰʼনাত সংক্ৰমিত হয়। দেশত ৫৬ দিনৰ ভিৰতৰ প্ৰথমবাৰৰ বাবে এদিনতে ইমান বৃহ্যৎ সংখ্যক কৰʼনাত সংক্ৰমিত ৰোগী চিনাক্ত হৈছে। দেশত ৩.২৫ কোটি লোক এতিয়ালৈ কৰʼনাত সংক্ৰমিত হৈছে। ৩৪,৭৮১ জন লোক বুধবাৰে সুস্থ হৈ উঠে। দেশত এতিয়ালৈ মুঠ ৩.১৭ কোটি লোক কৰʼনা সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিল। ভাৰতত বুধবাৰে সংক্ৰমণৰ ফলত ৬০৫জন লোকৰ মৃত্যু হয়। ভাৰতত ৩.২৭ লাখ কৰʼনা ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

 

(RT)