৪০০ কোটি টকা আবণ্টন মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনালৈ

pc- Twitter

৪০০ কোটি টকা আবণ্টন মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনালৈ

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে চলিত বৰ্ষৰ ৪০০ কোটি টকা আবণ্টনত অনুমোদন জনাই বুলি কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই  এই কথা সদৰী কৰি কয় যে এই ধনেৰে ৰাজ্যখনৰ ২৬ হাজাৰ ৰাজহ গাঁৱৰ প্ৰত্যেকখনতে একোটা পুখুৰী নিৰ্মাণৰ উপৰি ধান মজুত কৰাৰ বাবে গুদাম নির্মাণ, ধান বনা মিল স্থাপন, এহাজাৰখন মিনি ট্রাক বিতৰণ, ধান কটা মেচিন বিতৰণ আদি কাম ৰূপায়ণ কৰিব। সেইদৰে  কেবিনেটে প্রধানমন্ত্রী পদপথ ব্যৱসায় আত্মনির্ভৰ নিধিৰ অধীনত ঋণৰ ক্ষেত্ৰত পদপথ ব্যৱসায়ীসকলক ষ্টাম্প ডিউটী ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।  ৰাজ্যখনৰ ৫২ হাজাৰ পদপথৰ ব্যৱসায়ীক ১০ হাজাৰ টকাকৈ ঋণ প্ৰদান কৰিব। একেদৰে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জি এছ টি ৰেহাইৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে। দলংখন নিৰ্মাণৰ সময়ত ৰাজ্যিক জি এছ টি ১৫ দিনৰ ভিতৰত ৰি-ইম্বাৰ্চমেণ্টৰ জৰিয়তে চৰকাৰে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰিব৷ কেবিনেটতে ২০২২ চনৰ কেলেণ্ডাৰত অনুমোদন জনায়। অহা বৰ্ষটোত চৰকাৰী বন্ধৰ দিন ৩৪টা নিৰ্ধাৰণ কৰা হৈছে৷ সেইদৰে ৩১টা সীমিত বন্ধৰ দিন আৰু দুটা অৰ্ধছুটীৰ দিনৰ লগতে এন আই এক্টৰ অধীনত ১৮টা অৰ্ধৰ্ছটীৰ দিন নিৰ্ধাৰণ কৰিছে। এই সম্পর্কত মন্ত্রী মহন্তই কয় যে চলিত বছৰটোত ৩৫টা দিন চৰকাৰী বন্ধৰ দিন আছিল। ২০২২ বৰ্ষৰ বাবে কোনো বন্ধৰ দিন কৰ্তন কৰা হোৱা নাই। সেইদৰে এতিয়াৰ পৰা সকলো চৰকাৰী নথিত ইংৰাজী গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ তাৰিখৰ লগতে অসমীয়া কেলেণ্ডাৰৰ তাৰিখো উল্লেখ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।