৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই ৩-১০ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (বিআইএফএফইএছ) ত্ৰয়াদশ সংস্কৰণ উদ্বোধন কৰিব। মহোৎসৱৰ সময়ত, প্ৰায় ৫৫ খন দেশৰ ২০০ খন চলচ্চিত্ৰ বাংগালুৰুৰ অৰিয়ন মলৰ পিভিআৰ চিনেমাকে ধৰি তিনিটা স্থানত প্ৰদৰ্শিত হ’ব। বিএফএফইএছে প্ৰয়াত অভিনেতা পুনীত ৰাজকুমাৰ আৰু সঞ্চাৰী বিজয়কো শ্ৰদ্ধাঞ্জলি জনাব।
