ভাৰতত ১০ হেজাৰ লোক কৰʼনাত সংক্ৰমিত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১০,৪২৩ জন লোক কৰʼনাত সংক্ৰমিত হৈছে।আৰু ২৫০ দিনৰ ভিতৰত ভাৰতত এয়া কৰʼনা সংক্ৰমণৰ সৰ্বনিম্ন ঘটনা। কৰʼনাত নতুনকৈ ৪৪৩ জনলোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১,৫৩,৭৭৬ টা সক্ৰিয় ঘটনা আছে। বৰ্তমানলৈ ভাৰতত মুঠ ৩,৪২,৯৬,২৩৭ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আৰু ৪,৫৮,৮৮০ জন লোকৰ এতিয়ালৈ মৃত্যু হৈছে। ভাৰতত দৈনিক পজিটিভ হাৰ হৈছে ১.০৩ শতাংশ।