২৪ ঘণ্টাৰ ভিতৰত কেৰালাত নতুনকৈ কৰʼনাত সংক্ৰমিত হʼল ২২,৪১৪ জন
অনলাইন বাৰ্ত্তাসেৱা-মহামাৰীৰ তীব্ৰতা হ্ৰাস পাইছে বুলি প্ৰকাশ কৰে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে। ইয়াৰোপৰি কেৰালাত বুধবাৰে ২২,৪১৪ টা নতুনকৈ কৰʼনাত আক্ৰন্ত হয়। আৰু ১০৮ জনলোকৰ মৃত্যু হয় বুলিও তেওঁ উল্লেখ কৰে।১০৮ জন লোকৰ মৃত্যুৰ লগে লগে কেৰালাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭,২১১ হয়গৈ। ১৯,৪৭৮ জন লোক ৰাজ্যত সুস্থ হৈ উঠিছে।ৰাজ্যখনত চিকিৎসাধীন হৈ থকালোকৰ সংখ্যা ১,৭৬,০৪৮ জনলৈ বৃদ্ধি পায়।
(R.T)