২৩ মে’ লৈকে অস্বাভাৱিক অৱস্থাত থাকিব ৰাজ্যৰ বতৰ

pc the Weather Channel

২৩ মে’ লৈকে অস্বাভাৱিক অৱস্থাত থাকিব ৰাজ্যৰ বতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২৩ মে’ লৈ ৰাজ্যত বতৰ অস্বাভাৱিক অৱস্থাত থাকিব।বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগে এই তথ্য সদৰি কৰিছে।আঞ্চলিক বতৰ বিজ্ঞান বিভাগে অহা ৪৮ ঘন্টাৰ ভিতৰত ৰাজ্যৰ ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা জিলাত সৰ্তকতা জাৰি কৰিছে।এই জিলাসমূহত প্ৰৱলৰ পৰা প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। অহা ২৫ মে’লৈ গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অব্যাহত থাকিব।গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ২৯ ডিগ্ৰীৰ পৰা ৩১ ডিগ্ৰীৰ ভিতৰত থাকিব।আঞ্চলিক বতৰ বিজ্ঞান বিভাগে অহা ২৩ মে’ৰ পিছতহে ৰাজ্যত বতৰ স্বাভাৱিক হ’ব বুলি পূৰ্বানুমান কৰিছে।