২২ ছেপ্টেম্বৰৰ পৰা দেশত প্রযোজ্য হ’ব নতুন জিএছটি

২২ ছেপ্টেম্বৰৰ পৰা দেশত প্রযোজ্য হ’ব নতুন জিএছটি

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰাৰ দৰেই পণ্য আৰু সেৱা কৰ (জিএছটি) শ্লেবত গুৰুত্বপূৰ্ণ সালসলনি কৰিলে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উল্লেখ্য যে জিএছটি কাউঞ্চিলক লৈ অনুষ্ঠিত দুদিনীয়া বৈঠকত ৫ আৰু ১৮ শতাংশ হাৰতহে জিএছটি কাৰ্যকৰী হ’ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণে। অৱশ্যে কেতবোৰ ক্ষেত্রত ৪০ শতাংশ পর্যন্ত জিএছটি থকাৰ কথা তেওঁ সদৰী কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- জীৱন বীমা আৰু স্বাস্থ্য বীমা সম্পূৰ্ণৰূপে জিএছটিমুক্ত হ’ব। সেইদৰে বিলাসী সামগ্রী চিগাৰেট, গুটখা-পাণমচলাৰ দৰে সামগ্ৰীৰ ক্ষেত্ৰত ৪০ শতাংশ জিএছটি কাৰ্যকৰী নহ’ব। সেইদৰে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতো নতুন নিদের্শনাত জিএছটি হ্রাস কৰা হৈছে। যিবোৰ সামগ্ৰীৰ ক্ষেত্রত ২০১৭ চনত কাৰ্যকৰী হোৱা জিএছটিৰ আওতাত ৫, ১২, ১৮, ২৮ আদি শতাংশত পৰিছিল, ইয়াৰে ১২ আৰু ২৮ শতাংশৰ ক্ষেত্ৰত এই কৰ কাৰ্যকৰী নহ’ব। উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা বাৰ্তা দিছিল যে এইবাৰ দীপাৱলীত দেশবাসীক নতুন প্ৰজন্মৰ জিএছটি উপহাৰ দিব। কার্যতঃ আজি কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে কৰা ঘোষণাই ইয়াকে ৰূপায়ণ কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা অহা ‘নৱৰাত্রি’ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব বুলিও কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।