মঙলদৈ পৌৰসভা নিৰ্বাচন
২নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মহিবুৰ ৰহমানৰ নিৰ্বাচনী প্রচাৰ ৱাৰ্ডৰ ইটো মূৰত পৰা সিটো মূৰলৈ
ৰঙিলী বাৰ্ত্তাসেৱা,মঙলদৈ : ৰাইজৰ উন্নয়নৰ বাবে ৱাৰ্ড বাসীক সেৱা কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে মঙলদৈ পৌৰসভা নিৰ্বাচনৰ ২ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মহিবুৰ ৰহমান । ছাত্ৰ জীৱনৰ পৰাই এক বিশেষ ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ ৱাৰ্ড বাসীৰ উন্নয়নাৰ্থে বিভিন্ন ধৰণৰ কাম কৰাৰ কথা উল্লেখ কৰে। ৱাৰ্ড বাসীৰ সহায় সহযোগিতা ভাষা ধৰ্ম জাতি নিৰ্বিশেষে লাভ কৰি উৎফুল্লিত হৈছে। সেয়ে প্ৰথম বাৰৰ বাবে নিৰ্দলীয় ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ৱাৰ্ডৰ হকে বহুখিনি কৰিব লগীয়া আছে বুলি উল্লেখ কৰিছে। ৰাস্তা ঘাট নিৰ্মাণ, বিজুলী, দলং, নলা নৰ্দমা নিৰ্মাণ, পথ বৃক্ষ ৰোপণ লগতে সংৰক্ষণৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি আশ্বাস প্ৰদান কৰে। বিগত সময়চোৱাত ২নং ৱাৰ্ডৰ পৰা নিৰ্বাচিত হোৱা ৱাৰ্ড কমিছনাৰ গৰাকীৰ কৰ্মত ৰাইজ অতিষ্ঠ হৈছে সেয়ে ৰাইজৰ বিপুল দাবীত ২ নং ৱাৰ্ড বাসীৰ হকে নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ জমা দিছে। আৰু তেওঁ নিশ্চিত যে ২ নং ৱাৰ্ড বাসীয়ে বিবেকবান ভোট দি তেখেতক জয়যুক্ত কৰিব।