১ লাখ নিযুক্তিৰ পথে অসম চৰকাৰ

১ লাখ নিযুক্তিৰ পথে অসম চৰকাৰ
বিদ্যুৎ বিভাগত ১৮ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী নন্দিতা গৰ্লোছাৰ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- এ পি এছ চিয়ে অনুষ্ঠিত কৰা অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এ ই জি চি এল)ৰ সহকাৰী প্ৰৱন্ধক (এচিষ্টেণ্ট মেনেজাৰ) পদৰ ১৮ গৰাকী প্ৰাৰ্থীক আজি বিভাগীয় মন্ত্ৰী নন্দিতা গৰ্লোছাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। ইলেক্ট্ৰিকেল, মেকানিকেল চিভিল আদি বিভিন্ন বিভাগৰ সহকাৰী প্ৰৱন্ধকৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৩,১৫৮ গৰাকীৰ ভিতৰত নিৰ্বাচিত ১৮ গৰাকী প্ৰাৰ্থীক আজি এ এছ ই বিৰ নাৰেংগীস্থিত প্ৰেক্ষাগৃহত পৰিচালন সঞ্চালক দেৱজ্যোতি দাসকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত বিভাগীয় মন্ত্ৰী নন্দিতা গৰ্লোছাই নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ আগতে ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত ১১৪ জন সহকাৰী প্ৰৱন্ধক আৰু ২২৭ জন কনিষ্ঠ অভিযন্তাক কলাক্ষেত্ৰত নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।