১৯ এপ্ৰিলত অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন

১৯ এপ্ৰিলত অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন

নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ

প্ৰথম পৰ্যায়ত ৩৫ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ১৯ এপ্ৰিলৰ পৰা অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী। ৰাজ্যখনত মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ অসমৰ মুখ্য নিৰ্বাচন বিষয়াই ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰত্যেকটো লোকসভা সমষ্টিতে ভাৰতৰ নিৰ্বাচন আয়োগে নিয়োগ কৰা কেন্দ্ৰীয় পৰ্যবেক্ষক (সাধাৰণ আৰু ব্যয়)ৰ উপৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই নিয়োগ কৰা মাইক্ৰ’অৱজাৰভাৰৰ দ্বাৰা নিৰ্বাচন সম্পৰ্কীয় সকলো বিষয় সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থকা হৈছে। ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগৰ নিৰ্দেশমতে সফল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অৰ্থে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোটকেন্দ্ৰত লাইভ মণিটৰিং, ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৫৫০৯টা ভোটকেন্দ্ৰত এই ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি সকলো ভোটকেন্দ্ৰতে খোৱাপানীৰ ব্যৱস্থা, শৌচালয়, পৰ্যাপ্ত বিদ্যুৎ যোগানৰ ব্যৱস্থা, বিশেষভাৱে সক্ষম ভোটাৰ আৰু বয়ষ্ক লোকৰ বাবে ৰেম্প, হুইল চেয়াৰৰ ব্যৱস্থা ৰখাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আনহাতে, ভোটাৰ হেল্পলাইন এপ, KYC এপ, c VIGIL এপ আদিৰ সহায়ত ভোটাৰসকলক ভোট প্ৰদানৰ সবিশেষ জনাৰ সুবিধা প্ৰদান কৰা হৈছে। ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে অসমত পদ্ধতিগত ভোটাধিকাৰ আৰু নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কাৰ্যসূচী অৰ্থাৎ SVEEP ৰ অন্তৰ্গত গাঁও আৰু নগৰ অঞ্চলত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসম ৰাজ্যিক নগৰীয় জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৪৫ লাখতকৈয়ো অধিক আত্মসহায়ক গোটৰ মহিলাই ‘সাৰথি বাইদেউ’ নামেৰে গাঁও আৰু নগৰ অঞ্চলত ভোটাৰসকলক আন আন সুবিধা প্ৰদানৰ লগতে পদ্ধতিগত ভোটদানৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। সিদ্ধাৰ্থ শৰ্মা, দ্বীপজ্যোতি কেওঁট আৰু বিশেষভাৱে সক্ষম আইকন ৰাকেশ বণিকক ৰাজ্যিক আইকন হিচাপে নিয়োজিত কৰি ভোটপ্ৰদানৰ বাবে ভোটাৰসকলক আকৰ্ষিত আৰু সজাগ কৰি তোলা হৈছে।  উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ১০,০০১টা ভোটকেন্দ্ৰৰ ৯২টা আদৰ্শ ভোটকেন্দ্ৰ হিচাপে চিহ্নিত কৰাৰ বিপৰীতে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১১টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৭৫২টা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিয়োজিত কৰা প’লিং-প্ৰিজাইডিং বিষয়াৰ সংখ্যা হৈছে ৪০,০০৪ গৰাকী। ১০,০০১টা ভি ভি পেট, ১০,০০১টা বেলট ইউনিট, ১০,০০১ কণ্ট্ৰ’ল ইউনিট ব্যৱহাৰ কৰা হ’ব অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত। প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী, শোণিতপুৰ লোকসভা সমষ্টিত ৮ গৰাকী, লখিমপুৰ লোকসভা সমষ্টিত ৯ গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী আৰু যোৰহাট লোকসভা সমষ্টিত ৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৮৬,৪৭,৮৬৯। ইয়াৰে ৪২,৮২,৮৮৭ জন পুৰুষ, ৪৩,৬৪,৮৫৯ গৰাকী মহিলা আৰু ১২৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্ত পৰে। উল্লেখযোগ্য যে ১৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো ভোটাৰকে ভোটপ্ৰদান কৰি গণতান্ত্ৰিক ব্যৱস্থাত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।