১৬ অক্টোবৰত লুচীক মহাকাশলৈ উৎক্ষেপণ কৰাৰ দৃশ্য উপভোগ কৰিব বিশ্ববাসীয়ে

pc NewsBytes

১৬ অক্টোবৰত লুচীক মহাকাশলৈ উৎক্ষেপণ কৰাৰ দৃশ্য উপভোগ কৰিব বিশ্ববাসীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা – ১৬ অক্টোবৰত লুচীক মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব। এই দৃশ্য  বিশ্ববাসীক উপভোগ কৰাৰ সুযোগ দিয়াৰ সিদ্ধান্ত লৈছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই। নাছাৰ টেলিভিছনত সম্প্ৰচাৰ কৰা হ’ব এই দৃশ্য। ১২ বছৰ লুচীয়ে মহাকাশত গ্রহাণুৰ বাবে অভিযান চলাব। সৌৰ জগতৰ বিভিন্ন প্ৰান্তত তদন্ত চলাব এই যানে। গ্রনাণুবোৰৰ সন্থানত অভিযান আৰম্ভ কৰাৰ উপৰি সৌৰ পৰিয়ালৰ প্ৰাৰম্ভণিৰ দিনবোৰ কেনে আছিল তাক লৈও গৱেষণা চলাব লুচীয়ে। সূর্যক কেন্দ্ৰ কৰি বহু প্রাচীন গ্ৰহাণুৱে মহাকাশত পৰিভ্ৰমণ কৰি আছে। গ্রীক আখ্যান মতে এই গ্রহাণুবোৰৰ নাম ট্ৰ’জান। ট্ৰ’জানবোৰৰ বিভিন্ন খুঁটি-নাটিক লৈ সন্ধান চলাব লুচীয়ে।