১৫ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ বোন্দাত ৰঙালী বিহু সন্মিলন
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ নাৰেংগীৰ সমীপৰ “বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰ” প্ৰাংগণত অহা ১৫ আৰু ১৬ এপ্ৰিলত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে “৪০ সংখ্যক বোন্দা আঞ্চলিক ৰঙালী বিহু সন্মিলন”ৰ আয়োজন কৰা হৈছে বুলি সন্মিলনৰ সাধাৰণ সম্পাদক জিতেন ৰাভাই জানিব দিছে । ১৫ এপ্ৰিলৰ পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰিব বিহু সন্মিলনৰ সভাপতি কুলেন চন্দ্ৰ নাথে ।ইয়াৰ পিছতে স্মৃতি-তৰ্পণ কৰিব সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰিপেন টাৰোয়ে। ১০বজাত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব সমাজকৰ্মী পৰিমল চৌধুৰীয়ে । ১১-৩০বজাত চিত্ৰাংকণ, ৰচনা প্ৰতিযোগিতা, দিনৰ ১২ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্ধোধন কৰিব জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাই । বিয়লি ২ বজাত চেমনীয়া চ’ৰা (৭বছৰ উৰ্ধৰ)উদ্ধোধন কৰিব বিহু সম্ৰাজ্ঞী জোনটি ভৰালীয়ে । সন্ধ্যা ৬-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব বোন্দা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক পংকজ দাসে । এই মঞ্চতে সাংবাদিক দীপক শৰ্মাক সভাপতি আৰু কবি প্ৰশান্ত গগৈক সম্পাদক হিচাপে লৈ প্ৰকাশিত বাৰ্ষিক মুখপত্ৰ “জেতুকা” উন্মোচন কৰিব সমাজকৰ্মী দিলীপ চন্দ্ৰ কলিতাই । ৭বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰিব দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই । ইয়াৰ পিছতে জনগোষ্ঠীয় কৃষ্টি দল আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ১৬এপ্ৰিলৰ দিনৰ ১১বজাত চেমনীয়া চ’ৰা, বিয়লি ৪বজাত মৌ কুঁৱৰী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধ্যা ৭ বজাত সাংস্কৃতিক মঞ্চ মুকলি অনুষ্ঠানত সমাজকৰ্মী অজয় পোদ্দাৰ, পিউজ গ্ৰুপৰ ৰূপক শৰ্মা, সাহিত্যিক চাঞ্চিৰাম পায়েং, সমাজকৰ্মী ফণীধৰ দাস, হৰিৰাম দাস আৰু অজিত কুমাৰ মালাকৰে অংশ ল’ব । নিশা ৮ বজাৰ পৰা বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠানত কৃষ্ণমণি চুতীয়া,নয়ন নিত্যম, কৃষ্টি কাশ্যপ প্ৰমুখ্যে ভালেমান শিল্পীয়ে অংশ ল’ব ।