১১ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব বিদ্যালয়ৰ গুণোৎসৱ

pc ETV Bharat

১১ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব বিদ্যালয়ৰ গুণোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা- গুণোৎসৱ হৈছে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ শিকাৰ মাধ্যমসমূহৰ উন্নতিৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুণগত মান বঢ়োৱাৰ এটি পদক্ষেপ।২০২২ বৰ্ষৰ বিদ্যালয়ৰ গুণোৎসৱ ১১ মে’ৰ পৰা আৰম্ভ হ’ব।তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ।১১ মে’ৰ পৰা ১৪ মে’ লৈ ১১খন জিলাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷প্ৰথম পৰ্যায়ৰ গুণোৎসৱ  বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব৷ আনহাতে ২৩ মে’ৰ পৰা ২৬ মে’ লৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷দ্বিতীয় পৰ্যায়ত বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত গুণোৎসৱ হ’ব৷১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত বাক্সা, কাছাৰ, চিৰাং,ধুবুৰী, ডিমা হাছাও, যোৰহাট,কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলঙত গুণোৎসৱ অনুষ্ঠিত হ’ব৷