১০ দিনৰ বাবে তেলেংগানা কেবিনেটে ৰাজ্যখনত লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়

pc News Minute

অনলাইন বৰ্ত্তাসেৱা – তেলেংগানা কেবিনেটে ৰাজ্যখনত লকডাউন ১০ দিনৰ বাবে (২০ জুনলৈ) বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ শিথিলতাৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ১০ জুনৰ পৰা, পুৱা 6 বজাৰ পৰা সন্ধিয়া ৫ বজালৈ শিথিল হ’ব লকডাউন। অৱশ্যে, ৰাইজক তেওঁলোকৰ ঘৰত উপস্থিত হ’বলৈ অতিৰিক্ত এক ঘণ্টাৰ অনুমতি দিয়া হ’ব। কেবিনেটে সত্তুপল্লী, মথিৰা, নাল্লাগোণ্ডা, নাগাৰ্জুন সাগৰ, দেৱৰাকোণ্ডা, মুনুগোদা, মিৰিয়ালাগুড়া আৰু অন্যান্য সমষ্টিত স্থিতি বজাই ৰখাৰ সিদ্ধান্ত লৈছে য’ত কোভিড-১৯ পৰিস্থিতি এতিয়াও সুস্থিৰ হোৱা নাই। মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰী শিবিৰকাৰ্যালয় হায়দৰাবাদৰ প্ৰগতি ভৱনত ৮ জুন, মঙলবাৰে আহ্বান কৰা কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।