১০ জানুৱাৰীৰ পৰা পশুধন আৰু হাঁহ-কুকুৰা মেলা
ৰাজ্যৰ পশুপালকক শ্ৰেষ্ঠতাৰ ভিত্তিত প্ৰদান কৰা হ’ব পুৰস্কাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পশুপালন আৰু পশুচিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত ১০, ১১ আৰু ১২ জানুৱাৰীত তিনিদিনীয়াকৈ আয়োজন কৰা ‘পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলা’ উপলক্ষে পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে আজি এক সংবাদ মেল সম্বোধন কৰে। খানাপাৰাৰ ফাৰ্ম গেট খেলপথাৰত অনুষ্ঠিত মেলাথলীৰ পৰা মন্ত্ৰী গৰাকীয়ে উক্ত সংবাদ মেল সম্বোধন কৰি বিস্তৃতভাৱে পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰাৰ উপৰিও বিভাগৰ জনকল্যাণমূলক আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। সংবাদ মেলত উপস্থিত থাকি অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই মেলাৰ ইতিবাচক দিশসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে নিগমৰ উন্নয়নমূলক কৰ্মৰাজিৰ বিষয়ে কয়। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যই এই মেলাত ভাগ ল’ব আৰু ডেৰ শতাধিক বিপণিয়ে অংশগ্ৰহণ কৰিব। মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন, হাঁহ-কুকুৰা, আলংকৰিক চৰাইৰ প্ৰদৰ্শন তথা বিক্ৰীৰ উপৰিও বিভিন্ন পশুজাত আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি পশুপালনত ব্যৱহৃত অত্যাধুনিক যন্ত্ৰপাতি, সঁজুলি, আচবাব আদিৰো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, বিগত বৰ্ষৰ দৰে এইবাৰো মেলাত শ্ৰেষ্ঠ গো/ম’হ পালক, ছাগলী পালক, গাহৰি পালক আৰু উন্নত জাতৰ ঘাঁহ খেতিয়কক ৰাজ্যিক আৰু জিলা ভিত্তিত পুৰস্কাৰ প্ৰদানৰ উপৰিও ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ পশুপালক গৰাকীলৈ এক লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব। পশুধন আৰু হাঁহ-কুকুৰা মেলা উপলক্ষে বিভিন্ন কাৰিকৰী সত্ৰ, আলোচনা চক্ৰ আদিৰ লগতে পশুপালক সকলৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সংবাদ মেলত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালক অনিল চন্দ্ৰ দেউৰী, যুটীয়া সচিব দীপালী দেৱী আৰু ময়ূৰী ওজাকে ধৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে। মেলাৰ আটাইকেইটা দিনতে মন্ত্ৰী গৰাকীয়ে ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।