হৰ্ণবিল উৎসৱ – নাজবিন চুলতানা

Pc Savaari
হৰ্ণবিল উৎসৱ
নাজবিন চুলতানা
পাটসাঁকো (বকতা)
পূৰ্বোত্তৰ ভাৰতৰ কথা ফঁহিয়াই চালে আমাৰ সন্মুখলৈ আহে মন মোহনীয় ৭ ভনীৰ দেশ , ব্যাকুলতাৰ সৌন্দৰ্যপ্ৰসু পাহাৰ , সেউজী পৰশ , নানাৰঙী বস্ত্ৰ আৰু আভূষণ পিন্ধা আদিবাসী জনজাতিৰ সুন্দৰ প্ৰতিচ্ছবি । প্ৰকৃতিৰ কোলাত স্থিত ভাৰতবৰ্ষ বিচিত্ৰ সংস্কৃতিৰ বাবে এক সুকীয়া স্থান আছে । এই সংস্কৃতিৰ স্থানীয় পৰম্পৰা আজিও জীয়াই আছে । সংস্কৃতিৰ দৰে ইয়াৰ উৎসৱো অসাধাৰণ , যিয়ে সহজে পৃথিৱীবাসীৰ মন আকৰ্ষিত কৰে । বহু দেশ-বিদেশৰ পৰ্যটক ইয়াৰ সৌন্দৰ্যৰ লগতে কলা-সংস্কৃতি উপভোগ কৰিবৰ বাবে আহে । ইয়াৰ ক্ষেত্ৰৰ আৰ্থ ব্যৱস্থাৰ পৰ্যটকসমূহো এক অন্যতম প্ৰধান আধাৰস্বৰূপ । এনে এক অন্যতম উল্লেখযোগ্য উৎসৱ হৈছে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ ।
বহু ধুমধামেৰে তথা উলহ-মালহেৰে ন ৰূপেৰে , ন সাজেৰে এক অনন্যৰূপত উদযাপন কৰা হয় এই হৰ্ণবিল উৎসৱ । দৰ্শকৰ হেঁতা-উপৰা হোৱা বাৰ্ষিক উৎসৱ এই হৰ্ণবিল উৎসৱ ২০০০ চনত বৃহৎ উৎসৱ হিচাপে সূচনা হ’ল । এই উৎসৱ সেইসময়ত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী “নেইফিও ৰাইয়” ৰ অনুমোদন অনুসৰিত উত্তৰ-পূবৰ বৃহৎ সাংস্কৃতিক অনুষ্ঠান হিচাপে স্বীকৃতি পালে । কৰুণা মহামাৰীৰ বাবে দুবছৰ ধৰি অতিক্ৰমী সময়ত এই উৎসৱ আন্তৰাষ্ট্ৰীয় স্তৰত আয়োজন কৰা হোৱা নাছিল । কিন্তু যোৱাবছৰ অৰ্থাৎ ২০২২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতিৰ ” জগদীপ ধনখৰ” ৰ উদ্বোধনীত পুনৰ বৃহৎ স্তৰত হৰ্ণবিল উৎসৱ আয়োজন কৰা হ’ল।
এই উৎসৱ নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা ১২ কিলোমিটাৰ দূৰত “কিচামা” নগা পৰম্পৰাগত গাঁৱত পালন কৰা হয় । নাগালেণ্ড চৰকাৰৰ দ্বাৰা অনুষ্ঠিত এই উৎসৱ , উৎসৱৰো উৎসৱ ৰূপে জনা যায় । নাগালেণ্ডৰ বাৰ্ষিক সাংস্কৃতিক উৎসৱ হিচাপে পালন কৰা হৰ্ণবিল উৎসৱ , ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে ১০ দিন উদযাপন কৰা হয় । ১ ডিচেম্বৰ দিনা নাগালেণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস হিচাপেও পালন কৰা হয় । এই উৎসৱ মুখ্যৰূপত নগা “মুৰুং” বা “মৰং” জনজাতিৰ দ্বাৰা পালন কৰা হয় । এই জনজাতি মূলতঃ নগা পাহাৰীয়া আৰু উত্তৰ পশ্চিমী ম্যানমাৰৰ মূলৰূপৰ পৰা অহা বুলি কোৱা হয় । এই দহদিনীয়া হৰ্ণবিল উৎসৱত দেশ-বিদেশৰ পৰ্যটকে পৰিপূৰ্ণ হৈ থাকে ।
হৰ্ণবিল উৎসৱ প্ৰকৃততে এজনী পক্ষীৰ নামত পালন কৰা হয় । “হৰ্ণবিল” হৈছে নাগালেণ্ডত পোৱা এক ৰং-বিৰঙৰ পক্ষী । এই পক্ষী নাগালেণ্ডৰ স্থানীয় তথা লোককথাৰ কেন্দ্ৰ । এই পক্ষীক নগা সংস্কৃতিত অত্যন্ত শুভ আৰু পৱিত্ৰ হিচাপে জ্ঞান কৰা হয় । নাগালেণ্ডত প্ৰধানকৈ ১৬ তকৈ অধিক জনজাতি লোকে বাস কৰে । তাৰ ভিতৰত আঙ্গামী , আও , চাখেচাং , চাঙ , খাইমনিউনগান , কঁয়ক , ল’থা , ফ’ম নগা , প’চুৰী , ৰেঙ্গমা , চাঙ্গতাম , চুমী , য়িমচুংগাৰ , কুকি আদি । উল্লেখ্য যে কঁয়াক , আঙ্গামী , আও , ল’থা আৰু চুমীসকল বৃহত্তম নগা জনগোষ্ঠী । এই উৎসৱত জনজাতীয় সংগীত , নৃত্য , ৰং বিৰঙৰ বেশে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে । তদুপৰি ৰন্ধন-প্ৰকৰণ ক্ষেত্ৰত স্থানীয় সুৱাদৰ লগতে আন আন সুৱাদৰ খাদ্যও পৰম্পৰাগত প্ৰণালীত প্ৰয়োগ কৰে , ভিন্ন লাস বিলাসী লোকৰ মুখ্য কেন্দ্ৰ এই স্থানীয় উৎসৱ । এই উৎসৱত বিশেষভাৱে “মুৰং” জনজাতি লোকৰ প্ৰদৰ্শনো ধুমধামেৰে আয়োজন হয় ।
নাগালেণ্ডৰ আৰ্থিক বিকাশত এই উৎসৱৰ বহুতো যোগদান আছে । নাগালেণ্ড আছিল সুদীৰ্ঘ সময় লৈকে হিংসা আৰু অশান্তিৰ কবলত আছিল । কিন্তু ইয়াৰ উৎসৱে এই লোকসকলক সমাজৰ মুখ্যধাৰালৈ শুধৰণিৰ চিন্তাৰে ৰূপান্তৰ কৰালে । এই  উৎসৱৰ বাবে ইয়াৰ থলুৱা হস্তশিল্পইও এক সুকীয়া পৰিচয়ৰ স্থান পাইছে । দেশ-বিদেশৰ লোকেৰে লোকাৰণ্য আৰু অংশগ্ৰহণৰ সুবিধা এই হৰ্ণবিল উৎসৱ হৈছে জনজাতীয় জীৱনক নিচেই কাষৰ পৰা উপভোগ কৰা আৰু সংস্কৃতিৰ ৰীতি-নীতিক জনাৰ এক অপূৰ্ব সুযোগ ।