হ্যেট স্পীচ্চ – নাজবিন চুলতানা

PC - cjp.org

হ্যেট স্পীচ্চ

নাজবিন চুলতানা, পাটসাঁকো, শিৱসাগৰ

সমাজত বক্তব্য পৰিবেশন কৰাটো স্বাধীনতা লোকতন্ত্ৰৰ সবাতোকৈ বৃহৎ অংগ। এই বক্তব্যই আনক অপমান নকৰা পৰ্যন্ত আত্মস্বাধীনতা বৰ্তাই ৰাখিব লাগে আৰু এই স্বাধীনতা সম্পূৰ্ণৰূপে তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে আপোনাৰ বক্তব্যই বা মন্তব্যই আনক অপমান নকৰে নাইবা আঘাত নকৰে। হ্যেট স্পীচ্চৰ নিৰ্দিষ্ট সংজ্ঞা দিব পৰা নাযায় । এক হিংসাত্মক মনোধাৰী হ্যেট স্পীচ্চ আজিৰ কেইমাহমানৰ আগৰ পৰাই ভাৰতৰ উপৰি সমগ্ৰ বিশ্বতে চৰ্চিত বিষয় হিচাপে পৰিগণিত হৈছে।হ্যেট স্পীচ্চ বুলি ক’লে দেখা যায় যে সমাজত অনুষ্ঠান-প্ৰতিষ্ঠান, ছ’চিয়েল মেডিয়া ,সভা-সমিতি আদিত প্ৰায়ক্ষেত্ৰতে ধৰ্মীয় বিষয় লৈ মন্তব্যত বহুতো ঋণাত্মিকতা পৰিলক্ষিত হয় । এই মন্তব্যৰ আধাৰতে সমাজৰ বক্তব্য গ্ৰহণ কৰোঁতাৰ মনোধাৰিক চিন্তা-চৰ্চাত ভুল বুজা পৰিস্থিতিৰে সংঘাত আৰম্ভ হয়। যাৰ ফলত ঘটি থকা ধৰ্মীয় যুদ্ধসমূহৰ ফিৰিঙতি এই ধৰ্মবিৰোধী হ্যেট স্পীচ্চ । এই ধৰ্মীয় বিষয়ৰ বক্তব্যত কোনো এটা ধৰ্মৰ লোকে আন ধৰ্মীয় লোকসকলক লৈ অপবাদ গোচৰ কৰে । তদুপৰি কোনো লোকে অন্য জাতিৰ লোকসকলৰ বিৰুদ্ধ আপত্তিজনক মন্তব্য নতুবা পূৰ্বাঞ্চলৰ দেশসকলে পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে ঋণাত্মক মন্তব্য প্ৰকাশ কৰে তাকেই হ্যেট স্পীচ্চ হিচাপে গণ্য কৰা হয়। তদুপৰি নাৰীবিৰুদ্ধে বহুতো প্ৰতিষ্ঠানত বক্তব্য দিয়া দেখা যায়। ছ’চিয়েল মেডিয়াৰ পৰা ধৰি সাৰ্বজনীক সভা,পঞ্চায়তলৈকে এই হ্যেট স্পীচ্চ বক্তব্য প্ৰদান কৰা দেখা যায়।হ্যেট স্পীচ্চ কাণ্ড সংঘটিত হয় বিশেষকৈ ৰাজনৈতিক নিৰ্বাচনৰ ক্ষেত্ৰত নেতাসকলে দিয়া বিৰোধী ভাষণ আদিত। আজিৰ সময়ত হ্যেট স্পীচ্চ এই নিৰ্বাচনতে অত্যধিক প্ৰয়োগ হোৱা দেখা যায়। কোনো এজন ব্যক্তিয়ে এক অপমানজনক মন্তব্য নতুবা উচতাই তুলা মন্তব্য শুনা লোকসকল দুটা অংশত বিভক্ত হৈ যায় । এনে বিভক্তিবাদী লোকক কিছুমানে সমৰ্থন কৰে আন কিছুমানে সমৰ্থন তেওঁলোকৰ বিৰোধ কৰে। এইদৰে লোকসকলৰ মাজত শত্ৰুতাৰ বীজ সিঁচে। এনেবোৰ কাৰণতেই আইনী প্ৰক্ৰিয়াৰে হ্যেট স্পীচ্চ দিওঁতাজনৰ বিৰুদ্ধে কঠোৰ নীতিৰ সিদ্ধান্ত লৈছে।ভাৰতীয় দণ্ড সংহিতা তথা IPC প্ৰথমধাৰা 153 (A) ৰ অনুসৰি কোনো ব্যক্তিয়ে যদি জনসাধাৰণৰ মাজত ধৰ্ম, জাতি, সম্প্ৰদায়, স্থান, ভাষা আদি ধৰণৰ কোনো শত্ৰুতা বৃদ্ধিৰ মন্তব্য ঘোষণা কৰে তেন্তে তেনে লোকক এই ধাৰাই ৫ বছৰৰ কাৰাদণ্ডৰ লগতে জৰিমানাৰ শাস্তি প্ৰদান কৰিব। তদুপৰা কোনো নিৰ্বাচনত অংশগ্ৰহণ কৰা লোক যদি হ্যেট স্পীচ্চৰ জৰিয়তে দোষী সাব্যস্ত হয় তেন্তে এইসমূহ শাস্তিৰ লগতে ৬ বছৰলৈকে কোনো ৰাজনৈতিক নিৰ্বাচনত জড়িত হ’ব নোৱাৰিব। ভাৰতীয় বিধি আয়োগৰ ২৬৭ ধাৰাৰ প্ৰতিবেদনত কোৱা হৈছে যে হ্যেট স্পীচ্চ সাধাৰণ অৰ্থত জাতীয়তা লিংগ তথা ধাৰ্মীক বিশ্বাসৰ ভিত্তিত ব্যক্তিৰ ব্যক্তিত্বৰ বিৰুদ্ধে ঘৃণা জন্মায় । হ্যেট স্পীচ্চৰ লিখিত বা মৌখিকভাৱে প্ৰকাশিত শব্দৰ সংকেটেৰে কোনো ব্যক্তিৰ অন্ত: ভয় জন্মায় নতুবা কোনো সমূহৰ কোনো লোকৰ বিৰুদ্ধে হিংসাত্মক ভাৱ জন্মায়।IPC 153 (B) ধাৰা অনুসৰি কোনো লোকে প্ৰকাশ কৰা মন্তব্য তথা বক্তব্য কথাত ৰাষ্ট্ৰীয় একতাত প্ৰতিকূল প্ৰভাৱ পৰে। ইয়াকো হ্যেট স্পীচ্চ হিচাপে গণ্য কৰা হয়।তেনে বক্তব্য প্ৰকাশৰ লোকক দণ্ডিত শাস্তি প্ৰদান কৰা হয়। IPC 505 ধাৰা অনুসৰি কোনো সাম্প্ৰদায়িক শত্ৰুতাক বৃদ্ধি পোৱাৰ উদ্দেশ্যৰে দিয়া অশ্লীল বক্তব্যৰ লোকক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হয়। IPC 505 (1) অনুসৰি বিদ্ৰোহ ভাৱ জন্মোৱা বক্তব্য প্ৰকাশক ৩ বছৰলৈ দণ্ডিত কৰা হব। IPC 505(2) অনুসৰি কোনো বৰ্গৰ মাজত শত্ৰুতা, ঘৃণা বৃদ্ধি কৰা আদি প্ৰকাশ কৰা লোকৰ বক্তব্যক হ্যেট স্পীচ্চ হিচাপে গণ্য কৰা হয়।হ্যেট স্পীচ্চ সাধাৰণ অৰ্থত এজন ব্যক্তিৰ জাতি,বৰ্ণ,ধৰ্ম,লিংগৰ আধাৰত কোনো লোকে কৰা আক্ৰমণ বক্তব্য।ইয়াৰ জৰিয়তে সামাজিক শান্তিৰ বিধ্বংসৰ পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ ফলস্বৰূপে নিজৰ মাজতে নাইবা দেশসমূহৰ মাজত যুদ্ধ সংঘটিত হোৱা দেখা যায়। এইসমূহ সমস্যাই সমাজৰ লগতে দেশতো আৰ্থসামাজিক আৰু ৰাজনৈতিক দিশটো প্ৰভাৱ পেলায়। যুদ্ধ বিভীষিকা সমস্যাৰ এটা অন্যতম কাৰণ হ্যেট স্পীচ্চ ৰোধ কৰিবৰ বাবে  দেশত বহুতো আইনী ব্যৱস্থাও গ্ৰহণ কৰা হৈছে ।

(তথ্য সংগ্ৰহ-গুগোল , ইউটিউব , ধাৰা সম্পৰ্কত অন্যান্য বিজ্ঞজনৰ লেখ আদিৰ পৰা যুগুতোৱা হৈছে)