হে কলাগুৰু বিষ্ণুৰাভা – এছ ইছলাম

হে কলাগুৰু বিষ্ণুৰাভা
এছ ইছলাম, শিক্ষক, বৰপেটা
হে কলাগুৰু বিষ্ণুৰাভা
তুমি আকৌ এবাৰ আহা
চিৰ উজ্জ্বল সূৰ্য্য সদৃশ প্ৰখৰ হৈ
অসম মাতৃৰ দেশৰ মাটিত কৃষক-বনুৱা
আৰু শ্ৰমজীৱিক সজাগ কৰিবলৈ।
হে চিৰ সুন্দৰৰ পূজাৰী
তুমি ক’লা-কৃষ্টি সংস্কৃতিৰ
জাতিৰ শক্তিৰ উপাসক
প্ৰকৃত বন্ধু কৃষক জনগণৰ।
অসমৰ জনগোষ্ঠী
জাতি সত্ত্বাৰ মাজত
তুমি ঐক্য সম্প্ৰীতি প্ৰতিষ্ঠা কৰি
আকাশৰ দৰে সু-বিশাল উদাৰতা
উচ্চ মানসিকতা লৈ আগবাঢ়িছিলা।
নিপীড়িত জৰ্জৰিত
সৰ্বহাৰা জনগণৰ বাবে
তুমি কঠোৰ সংগ্ৰাম কৰিছিলা
কৃষক-বনুৱা শ্ৰমিককলৈ
সুন্দৰ সমাজ গঢ়াৰ সপোন ৰচিছিলা।
হে মুক্তি যুঁজাৰু
তুমি মেহনতি জনতাক
সাম্ৰাজ্যবাদ পূঁজিবাদেৰে শোষণ কৰা
বগা বঙালৰ পৰা মুক্তি বিচাৰিছিলা।
হে বিপ্লৱী বীৰ
তুমি খাটি খোৱা কৃষক-শ্ৰমিকৰ
সৈনিক শিল্পী
ডেকা শক্তিক জাগৰণ কৰিবলৈ
গণ চেতনাৰে জাগ্ৰত কৰিবলৈ
বজ্ৰকণ্ঠেৰে গাইছিলা বিশ্ব বিজয়ৰ গান।
তুমি গাইছিলা
জাতি জনগোষ্ঠীৰ
মুক্তিৰ বিজয়ৰ গীত
সুৰৰ দেউলৰে সাম্য-সম্প্ৰীতি
একতাৰ ডোলেৰে
অসমীয়া জাতিক গঢ় দিবলৈ।
তুমি কবি সাহিত্যিক
সংগীতঙ্গ নৃত্যবিদ গীতিকাৰ
সুদক্ষ খেলুৱৈ অভিনেতা নাট্যকাৰ
কাশী হিন্দু বিশ্ববিদ্যালয়ত
নটৰাজৰ নৃত্য প্ৰদৰ্শনত
তুমি বিমুগ্ধ কৰিছিলা।
উপাচার্য ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে
সংস্কৃতিৰ বৰঙণিলৈ তোমাক
সন্মান জনায় “কলাগুৰু” উপাধিৰে
হে বিষ্ণুৰাভা,
তুমি আকৌ এবাৰ আহা
অসমীয়া জাতিক গঢ় দিবলৈ।