হেমকোষৰ কথা- অঞ্জু শাণ্ডিল্য

pc wikipedia

হেমকোষৰ কথা

অঞ্জু শাণ্ডিল্য

প্ৰাইমাৰী স্কুলত থাকোতে , নজনা শব্দৰ অৰ্থ জানিবলৈ ‘হেমকোষ’ অভিধানখন আলমাৰিৰ পৰা উলিয়াব খুজিলেই দেউতাই নিজে আগবাঢ়ি আহি উলিয়াই দিয়ে । জানোচা , অসাৱধানবশতঃ আমাৰ কণমানি হাতৰ পৰা গধুৰ ‘হেমকোষ’খন পৰি যাব পাৰে। বৰ আটোমটোকাৰিকৈ থৈছিল। দেউতাৰ লাইব্ৰেৰীসদৃশ আলমাৰিৰ ওপৰৰ খাপত ভাগৱত , কীৰ্তন আদি শাস্ত্ৰ সজাই থোৱা শাৰীতে থৈছিল ‘হেমকোষ’খন। আমি জানিব খোজা শব্দৰ অৰ্থ বিচাৰি দেউতাৰ কাষ চাপিলো , দেউতাই সাৱধানে ‘হেমকোষ’খন উলিয়াই আনি বুজাই দিছিল।তাৰ পাছত আকৌ আলমাৰিত থৈ দিছিল। সৰুৰে পৰা ‘হেমকোষ’খন দেখি দেখি নজনা শব্দৰ অৰ্থ বিচাৰি সেইখনৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলো। ইমানবোৰ শব্দৰ অভিধানখন দেখি এদিন দেউতাক কৈছিলো-
: ইমান ডাঙৰ কিতাপ ! কেনেকৈ লিখিলে বাৰু?
: হেমচন্দ্ৰ বৰুৱাই জীৱনৰ সৰহভাগ সময় ‘হেমকোষ’ৰ ৰচনাতে পাৰ কৰিছিল । কিন্তু মানুহজনৰ মৃত্যুৰ পাচতহে ‘হেমকোষ’ খন প্ৰকাশ হৈছিল । তাকো হেম গোহাঁই আৰু গৰ্ডন চাহাবৰ চেষ্টাতহে।
: হেম গোহাঁইনো কোন ?
: সেই সময়ৰ অসমৰ ছাব ডেপুটী কালেক্টৰৰ পদত থকা হেমচন্দ্ৰ গোস্বামী । পাচত হেমচন্দ্ৰ বৰুৱা , হেমচন্দ্ৰ গোস্বামী, এডৱাৰ্ড গেইট , কৰ্নেল গৰ্ডন আদিৰ অশেষ চেষ্টাৰ ফলত হে হেমকোষ প্ৰকাশ হৈ ওলাইছিল জানিব পাৰিছিলো । ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জীৱনজোৰা সাধনা- শ্ৰমৰ বাবেই ‘হেমকোষ’ পাণ্ডুলিপি প্ৰস্তুত হৈছিল আৰু হোমচন্দ্ৰ গোস্বামী , এডৱাৰ্ড গেইট , গৰ্ডন চাহাবৰ অহোপুৰষাৰ্থ চেষ্টাত ১৯০০ চনৰ আগষ্ট মাহত ‘হেমকোষ’ প্ৰকাশ হৈছিল ।
বিবাহসূত্ৰে গুৱাহাটীলৈ আহি স্বামীগৃহতো ‘হেমকোষ’ খন দেখি সন্তোষ পাইছিলো । শহুৰ দেউতাৰ নাম ‘হেমকোষ’ খনৰ প্ৰথমটো উকা পৃষ্ঠাতে লিখা আছিল ।‘হেমকোষ’ খন দেখিয়েই গম পাইছিলো , হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি ‘হেমকোষ’, এইখন ঘৰতো কিমান সযতনে ৰাখিছে । এইখন ‘হেমকোষ’ ১৯৮৫ চনতেই প্ৰকাশ হোৱা । ১৯০০ চনৰ পৰা আজিলৈকে ‘হেমকোষ’ৰ কিমান আদৰ । প্ৰথমবাৰ যেতিয়া বাতৰি কাকতত লিখাৰ বাবে মাননি লাভ কৰিছিলো , তেতিয়া আব্দুল গফুৰ আহমেদে কৈছিল – সেই পইচাৰে ‘হেমকোষ’ এখন কিনি লোৱা । স্বামীগৃহত থকা ‘হেমকোষ’ খন সম্পদনা কৰি প্ৰকাশ কৰিছিল দেৱানন্দ বৰুৱাই । মাত্ৰ এইখনেই নহয় , ১৯৪১ আৰু ১৯৫৫ চনত ‘হেমকোষ’ৰ দুটাকৈ সংস্কৰণৰ সম্পাদনা আৰু প্ৰকাশ কৰিছিল আনন্দৰাম বৰুৱাই ।আনহাতে,তাৰ পাচৰ ৯টা সংস্কৰণৰ প্ৰকাশ আৰু সম্পাদনা কৰিছিল দেৱানন্দ বৰুৱাই। হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি দেৱানন্দ বৰুৱা। দেৱানন্দ বৰুৱাই বৃহৎ আকাৰৰ ‘হেমকোষ’খন সুলভ মূল্যৰ কৰিছিল ,যাতে ছাত্ৰ-ছাত্ৰীসকলে সহজে ক্ৰয় কৰিব পাৰে । ২০০৬ চনত দেৱানন্দ বৰুৱাৰ সম্পাদনাতে ‘হেমকোষ’ৰ পৰিবৰ্ধিত দ্বাদশ সংস্কৰণ প্ৰকাশ পায়। ‘হেমকোষ’ প্ৰকাশৰ বাবে জীৱনৰ ৪১টা বছৰ (১৯৬৫-২০০৬)গভীৰ নিষ্ঠাৰে কাম কৰি গ’ল । সেইজন দেৱানন্দ বৰুৱা ,যিজনে ৮২ বছৰ বয়সত দ্বাদশ ‘হেমকোষ’ প্ৰকাশ কৰিবলৈ গৈ প্ৰতিদিনে একেৰাহে কেইবাঘন্টা ধৰি সম্পাদনাৰ কামত ব্যস্ত হৈ পৰাৰ বাবে ৰক্তচাপ বৃদ্ধি পাই দুবাৰকৈ চিকিৎসালয়ত  ভৰ্তি হ’ব লগা হৈছিল । চিকিৎসকে কৈছিল – বয়স অনুযায়ী অতিমাত্ৰা কষ্ট-শ্ৰম কৰাৰ বাবে এনে হৈছে । তথাপি মনৰ পৰা দুৰ্জেয় শক্তি লাভ কৰাৰ বাবে ‘হেমকোষ’ৰ দ্বাদশ সংস্কৰণ প্ৰকাশ কৰি উলিয়াইছিল ।এইখন প্ৰকাশ কৰোতে সময়ৰ লগতে ধনো ব্যয় হৈছিল ।প্ৰত্যেক বছৰে শ্ৰমিক দিৱসৰ দিনা ‘প্ৰতিদিনে – সাদিন’ পৰিয়ালে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ভাষা –সাহিত্য সাধনা বঁটা আৰু ‘হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা’ প্ৰদান কৰে । শ্ৰমিক বুলিলে কৃষিকৰ্মৰ লগত জড়িত লোকো সাঙোৰ খাই পৰে। কৃষকৰ খাজনা হ্ৰাসৰ বাবে হেমচন্দ্ৰ বৰুৱাই ব্ৰিটিছ চৰকাৰৰ ওচৰত আৰ্জি পেছ কৰিছিল । কৃষক , মজদুৰ , দিনহাজিৰা কৰা আদি সকলো শ্ৰেণীৰ লোকৰ সৈতে মিলা -মিচা কৰিছিল আৰু শ্ৰমিক দিৱসতে ভাষাৰ ওজাজনৰ নামত বঁটা প্ৰদান কৰা হয় । আনহাতে, যিখন কটন কলেজক লৈ গৌৰৱ কৰে , যিখন কটন কলেজ বুলিলে মানুহজনৰ (দেৱানন্দ বৰুৱাৰ) মন নাচি উঠে , এজন কটনিয়ানৰুপে কটন কলেজৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল ,সেইখন কটন কলেজ ( বৰ্তমান বিশ্ববিদ্যলয় )তে ‘হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা ’ প্ৰদান কৰা হয় । এই বঁটা প্ৰদান অনুষ্ঠানলৈ ‘প্ৰতিদিন-সাদিন’ পৰিয়ালে আমাকো নিমন্ত্ৰণ জনোৱাত কৃতজ্ঞতা জনালো। অসমৰ ভাষা – সাহিত্যৰ বৰভেটিস্বৰূপ ‘হেমকোষ’খন আমাৰ বুকুৰ আপোন । প্ৰথম মাতৃভাষাত আদিপাঠ লোৱাৰ পৰা আজিলৈকে ‘হেমকোষ’ লগতে পাই আহিছো ।