হেপাহৰ ৰঙালী বিহু – মৃদুলা বৰুৱা

হেপাহৰ ৰঙালী বিহু
মৃদুলা বৰুৱা, তেজপুৰ 
ফাগুন শেষ হ’ল
লঠঙা গছবোৰে অলংকাৰ পিন্ধলে
তাতে বহি প্ৰেমিক চৰাইজনীয়ে
বসন্তৰ বাতৰি দিছে
ফাগুন যোৱা বাটেৰেই হেনো
বসন্ত আহিছে
উৰুঙা মনক ৰাঙলী কৰিবলৈ।
শিপিনীৰ গাত তʼত নাই
খৰকৈ মাৰিছে শালৰ মাকো
জেতুকা বুলিয়া দুহাতেৰে
মহুৰাৰ পাকত বচা
গুটি ফুলৰ গামোচাখন
চেনাইক দিবলৈ।
ঢোলৰ শব্দত
ৰছকি নাচনীৰ ককাল ভাগে
কেতিয়ানো প্ৰিয়জন আহি
খোপাত গুজি দিব কপৌপাহি
তালৈয়ে বাট চাই আছে।
আখলৰ ধোঁৱাত
তিল,গুৰৰ গোন্ধত
ৰঙালীৰ পৰশ লাগিছে।
গৃহস্থ ৰৈ আছে
উদং চোতাল খনি ভৰি
কেতিয়ানো আহিব হুঁচৰি
প্ৰাণৱন্ত কৰিব তুলিব
আমাৰ হেপাহৰ বিহু ৰঙালী।