হেঁপাহ
তুমি বুজিলে বুজিবা
নুবুজিলে কি কৰিম কোৱা…!
তথাপি আঙুলিৰ কলমৰ দাগটো চুঁই
লিখি যাম তোমাৰ কথা
গোপনে গোপনে কবিতাই কবিতাই
কেতিয়াবা শিৰোনামা স্বৰূপে
নতুবা শবদৰ শৈলীৰ সোঁতে সোঁতে…।
নহ’লে আঁকি যাম তোমাৰ ছৱি
একেটা দাগৰ সাঁচতে
পেঞ্চিলডাল মুঠি মাৰি
মৰমেৰে হেঁপাহেৰে ধীৰে ধীৰে..।
আজি লিখিম
দিনে দিনে গধুৰ হোৱা
বুকুৰ কান্ধৰ ওঁঠৰ সমস্ত শবদ,
ক’বতো নোৱাৰো
যদি কালি উকা হৈয়ে ৰয়
সমুখৰ নিভাঁজ কাগজখিলা..।
মোৰ তেজে তেজে তুলিকা
তোমাক আঁকিব পৰা জোখেৰে
মই তোমাৰ কাষত
তুমি বুজিবানে..?
সদায় তোমাক সাগৰ বুলি ভাবিলো
গভীৰতাত মগন হৈ
এবাৰো সাগৰৰ স’তে সাক্ষাৎ নহ’ল,
মনৰ মাজৰ খেলিমেলি স্বপ্নৰ ছাঁবোৰ
সেই অস্থিৰ উৰ্মিমালা যেনেই লাগিল।
আকাশ বুলি মূৰ তুলি চোৱা নহ’ল,
তোমাৰ বেলি নুডুবা বুকুখনত
মই ভবাৰ দৰে থাকিল
বিশালতাৰ বুকুত নীলাবোৰ সিঁচৰতি হৈ।
পাৰ্থপ্ৰতীম শৰণীয়া
-তামুলপুৰ