হেঁপাহৰ ৰাতি – বিতোপন গগৈ

PC - Pinterest

হেঁপাহৰ ৰাতি

– বিতোপন গগৈ,  শিমলুগুৰি

ভাবি থোৱা নাই সেই উত্তৰ

ৰৈ থাকা নিজানত কিছু সময়

সন্দিহান প্রশ্ন এক উষ্ণ ভাৱনাৰ

সংযমী চিন্তা বিলুপ্ত ত্ৰিনিশাৰ …

এই ৰঙ্গমঞ্চ জীৱন নাটিকাৰ

গভীৰ অৰ্থ নিহিত হয়

প্ৰতিটোপাল চকুপানীত

দুগচি চাকি তুলসী সন্ধ্যা

কঁপি থকা ওঁঠ দুটিত বৈ থকা

সোণৰ হেঁপাহ

ধান খোৱা পখীৰ মিচিকিয়া হাঁহি

দুদিন দুৰতে বিনাশ কৰিম

কাঞ্চন সুৰভিৰ জন্ম চেতনাত

কেঞাবনত শেৱালিৰ টোপনি ৰাতি !