হেঁপাহৰ মাঘ বিহুৰ
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
ধাননি পথাৰবোৰ মুকলি হোৱাৰ লগে-লগে গাঁৱত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়।চেঙেলীয়া ডেকাহঁতে নৰা কাটি ভেলাঘৰ সঁজাত ব্যস্ত হৈ পৰে।ঠাইভেদে ভেলাঘৰক আন আন নামেৰেও নামাংকিত কৰা হয়।ব’হাগ বিহু আৰু কাতি বিহুৰ দৰে মাঘ বিহুৰো বহুতো পৰম্পৰা আছে।যি পৰম্পৰা গ্ৰামাঞ্চলতহে দেখিবলৈ পোৱা যায়।মাঘ বিহুৰ মূল আকৰ্ষণ হহৈছে মেজি।এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।মাঘ বিহুক ভোগৰ উৎসৱ ভোগালী বিহু বুলিও কোৱা হয়।যিহেতু কাতি বিহুত ভঁৰাল উদঙ হৈ কঙাল হৈ পৰাত ভোকৰ ভাত মুঠি খাবলৈ অভাৱ হয়; আঘোণৰ সোণালী পথাৰে পৰিপূৰ্ণ কৰি ভঁৰাল উপচি পৰে।আৰু মাঘৰ বিহুতে হেঁপাহেৰে ভোগ কৰে।এতিয়া গ্ৰামাঞ্চলৰ সকলো ডেকাই মিলি খৰি কাটি শুকুৱাইছে,বিভিন্ন ধৰণৰ আকৃতিৰ ভেলাঘৰ সাজিছে।ভেলাঘৰক লৈ যিহেতু প্ৰতিযোগিতাও চলে,সেয়েহে বহু উচ্চ আৰু ন-ন ৰূপ দিবলৈ চেষ্টা কৰা দেখা যায়।গাঁৱৰ কিছু ডেকাৰ হাতৰ পৰশত ইমান ধুনীয়াকৈ ভেলাঘৰ সম্পূৰ্ণ হৈ উঠে সঁচায়ে গোটেই পৰিৱেশটোৱে মনোমোহা কৰি তোলে।সকলো যো-জা কৰি থাকোঁতে উৰুকাৰ দিনটো আহি পৰে।উৰুকাৰ দিনা আগৰ পৰা শুকুৱাই থৈ দিয়া খৰি খিনিয়ে মেজি বনাই সম্পূৰ্ণ কৰে।ভোজ-ভাত খাবলৈ সকলো ৰাইজ একগোট হয় মেজি বনোৱা স্থানত।সেইদিনটোতে সকলোৱে বৰ তৃপ্তিৰে এসাঁজ ভোগ কৰে।ঠাইভেদে উৰুকাৰ দিনটোত ৰাইজে মিলি নদী বা বিলত মাছ ধৰি ভোজ-ভাত খোৱাৰ পৰম্পৰাও আছে।কেইবাদিনো আগৰেপৰা ভেলাঘৰত থাকি মেজি ৰখীয়া হয় যদিও উৰুকাৰ ৰাতি সাৰে থাকি বিহু কৰে,স্ফূৰ্তি কৰে।ধেমালিতে কাৰোবাৰ ঘৰৰ বয়বস্তুবোৰ ইফাল সিফাল কৰি গৃহস্থক বিচাৰি ফুৰাই।উৰুকাৰ পাছদিনা চেঙেলীয়া ডেকাই গা-পা ধুই মেজিত জুই দিয়ে।মেজিৰ জুইৰ তাপ ল’বলৈ সকলো ৰাইজ উপস্থিত হয়গৈ।জুইত মা-কৰাই তিনিবাৰ ছটিয়াই লোৱাৰ পাছতহে খাব পাৰি।মেজিৰ খৰি জাপোঁতে পানী থকা বাঁহ মেজিৰ খৰিৰ মাজত জাপি দিয়ে।মেজি জ্বলি থকাৰ সময়ত যদি দাহেৰে ঘাঁপ মাৰি দিয়া হয় জোৰকৈ শব্দ কৰে,তাকে পানীহিলৈ ফুটুৱা বুলি কোৱা হয়।বিশ্বাস কৰা হয় উৰুকাৰ দিনটোত বা মেজি জ্বলোৱা দিনটোত মেজিক আগ কৰি চাকি জ্বলাই সেৱা ল’লে মনৰ আশা পূৰণ হয়।মেজি জুইৰ ছাইবোৰ খেতি পথাৰত দিলে খেতিৰ উৰ্বৰতা বাঢ়ে বুলিও কোৱা হয়।উৰুকাৰ ৰাতি সকলোৱে ঘৰে ঘৰে মিৰি আলু,কাঠ আলু সিজাই থৈ দিয়ে পাছদিনা মেজি পুৱাব যাওঁতে মেজি ৰখীয়া ডেকাহঁতলৈ চাহৰ লগত লৈ যায়।সেই দিনটোত কাঠ আলু নাখালে পৰজনমত গাহৰি হয় বুলি কোৱা হয়।ইংৰাজী নৱবৰ্ষৰ আৰম্ভণি হ’লে বিহুলৈ বেছিদিন বাকী নাথাকেগৈ।নৱবৰ্ষক আদৰাৰ লগতে বিহুলৈ প্ৰস্তুতি চলোৱা হয়।চৌদিশে ঢেঁকীৰ গুমগুমনি।ঢেঁকীৰ চাপৰত চিৰা,সান্দহ,পিঠাই প্ৰাণ পাই উঠে।গাভৰু-বোৱাৰীসকলে জুহালত বহি বিভিন্ন ধৰণৰ পিঠা তৈয়াৰ কৰে।যেনে- তিল পিঠা,নাৰিকল পিঠা,ঘিলা পিঠা,তিলৰ লাড়ু,মালপোৱা,সুতুলি পিঠা আদি।আগতীয়াকৈ মেজি ৰখীয়া ডেকাহঁতক পিঠা-পনাৰে গধূলি চাহ দিয়েগৈ চুবুৰীয়াসকলে।অতিথিক শুশ্ৰূষা কৰিবৰ বাবেও পিঠা-পনাৰ লগতে বাঁহৰ চুঙাৰ দৈ থৈ দিয়া হয়।বাঁহৰ চুঙাৰ দৈৰ সোৱাদেই সুকীয়া।আহোম যুগতে পোনপ্ৰথমে মাঘৰ বিহুত শিৱসাগৰৰ ৰংঘৰত খেল-ধেমালিৰ শুভাৰম্ভণি কৰিছিল ৰুদ্ৰসিংহই।পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত খেলসমূহ অনুষ্ঠিত কৰিবলৈ ল’লে।যেনে- ম’হ যুঁজ,মল্ল যুঁজ,সাঁতোৰ,শেন মেলা,কড়ি খেল আদি।সময়ৰ সোঁতত আগৰ সেই খেলবোৰে লুপ্ত পাইছে যদিও জানিব পৰা মতে ম’হ যুঁজ এতিয়াও কিছুঠাইত মাঘৰ বিহুত অনুষ্ঠিত কৰা দেখা যায়।শিশুসকলক উৎসাহিত কৰিবৰ বাবে এতিয়াও গ্ৰামাঞ্চলত দৌৰ,কণী খেল,ৰছি টনা,টেকেলি ভঙা আদি খেল খেলোৱা হয়।যাতে শিশুসকলে মনত আনন্দ পায়।বৰ্তমান আগৰদৰে স্ফূৰ্তিবোৰ নোহোৱা হৈ পৰিছে।জুমবান্ধি ঢেঁকীত চিৰা-সান্দহ খুন্দাৰ পৰিৱেশ নাই।গাঁৱৰ পৰিৱেশত ঢেঁকীৰ সংখ্যাও কমি আহিল।গাঁৱৰ কোনোবা এঘৰতহে দেখিবলৈ পোৱা যায়।ঢেঁকীৰ পৰিৱৰ্তে ওৰাল ব্যৱহাৰ কৰা দেখা যায়।বহুলোকে কষ্ট কৰিবলৈ টান পাই বজাৰৰ পৰাই পিঠা-পনা ক্ৰয় কৰে যিহেতু বজাৰত সকলো বস্তুৱেই উপলব্ধ।কিছুঠাইত খৰিৰ সলনি খেৰৰ মেজি বনায়ো মেজি জ্বলোৱা দেখা যায়।সকলো ডেকা নিজৰ মাজতে ব্যস্ত হৈ পৰা হ’ল।ভেলাঘৰ ৰখীয়া হ’বলৈ খুব কমকৈহে ডেকাসকল যোৱা দেখা যায়।ডেকাসকলক ভেলাঘৰত দিবৰ বাবে এসপ্তাহ-দহদিন আগৰে পৰা পিঠা-পনা বনোৱাৰ উৎসাহো দিনক দিনে কমি আহিল গাভৰু-বোৱাৰী সকলৰ।ক’বলৈ গ’লে সকলো আনন্দই লাহে-লাহে কমি আহিবলৈ ধৰিছে।