হেঁপাহৰ আঘোণ আৰু নখোৱা উৎসৱৰ একলম – জেফলিন চুলতানা

হেঁপাহৰ আঘোণ আৰু নখোৱা উৎসৱৰ একলম
জেফলিন চুলতানা, নগাঁও
আঘোণ মাহ পৰাৰ লগে লগেই প্ৰতিজন কৃষিজীৱি লোকৰ অত্যন্ত ব্যস্ততা, শৰৎ ঋতুয়ে মেলানি মগাৰ লগে লগেই প্ৰকৃতিয়ে আদৰি আনে হেমন্ত ঋতুক।হেমন্ত ঋতু মানেই আঘোণ পুহ মাহ।এই আঘোণ মাহ কেৱল এটা মাহেই নহয় , য’ত আছে কৃষক সমাজৰ বাবে আশা ভৰষাৰ দিন, এক আমোঘ শক্তি আৰু এক পৰিতৃপ্তিৰ হাঁহি।কাৰণ আঘোণ মানেই সোণোৱালী শস্যৰ পথাৰ।গোটেই বছৰ হাড়ভগা পৰিশ্ৰম কৰা কৃষকসকলে পথাৰ ভৰা সোণোৱালী ধানে ৰিঙিয়াই মতা আহ্বানত সোণালী আই লক্ষিমীক আদৰিবলৈ অতি হেঁপাহেৰে নামি পৰে পথাৰত।এটি শুভ দিন চাই পৰম্পৰাগত নিতী-নিয়মৰ মাজেৰে ধান কটাৰ আৰম্ভণিতে অতি  শ্ৰদ্ধাৰে লখিমীক আদৰি অনা হয়।ইয়াকে “আগ অনা” বোলে।ধান চপোৱা সময়খিনি বৰ আনন্দৰ সময়, ডেকা – গাভৰু, বোৱাৰী, আইসকলে অত্যন্ত হেঁপাহেৰে শস্য চপোৱাত ব্যস্ত হৈ পৰে । এই সময়খিনিত কৃষিজীৱী সমাজৰ মাজত যেন অনাবিল সুখ আৰু আনন্দ বিৰাজ কৰে । ধান চপোৱা সময়খিনিত সৰু সৰু ল’ৰা ছোৱালীয়ে অত্যন্ত উলাহেৰে নৰাৰ মাজে মাজে ধানৰ লেছেৰি বুটলি ফুৰা আৰু চেঙেলীয়া এচাম ল’ৰাই এন্দুৰৰ গাঁত খান্দি ধানৰ লেছেৰি বস্তাত ভৰোৱা আদি কামত নামি পৰা দেখা যায় । মুঠতে সেই সময়খিনি এক বুজাব নোৱাৰা অনুভূতি।শস্য চপোৱাৰ শেষত কৃষিজীৱী লোকসকলে  কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপে একে উদ্দেশ্যৰে ঠাই বিশেষে বেলেগ বেলেগ নিতী- নিয়মৰ মাজেৰে ন খোৱা উৎসৱ পালন কৰে।নখোৱা উৎসৱ হৈছে অসমৰ অসমীয়া সমাজ জীৱনৰ এক কৃষিভিত্তিক উৎসৱ । এই উৎসৱ ক’ত কেতিয়া আৰু কেনেকৈ সৃষ্টি হ’ল গম পোৱা নাযায় । এটা সময়ত জীৱ- জন্তুৰ পৰা শস্য ৰক্ষা কৰিব লগা হৈছিল আৰু কৃযি কাৰ্যত ইজনে সিজনক সহায় কৰাটো অপৰিহাৰ্য আছিল । আঘোণ মাহত ধান কাটি মৰণা মৰাৰ পিছত নতুন ধানৰ চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন খোৱা বুলি কোৱা হয় । ন খোৱা উৎসৱ সাধাৰণতে এক আনন্দ দায়ক উৎসৱ।লোকবিশ্বাস মতে ন খোৱা উৎসৱ বা ন চাউলৰ ভাতসাঁজ সাধাৰণতে আঘোণ মাহত খাব লাগে।ন খোৱা উৎসৱ নামঘৰত প্ৰথমে সমূহীয়াকৈ আয়োজন কৰা হয় । নামঘৰত ন খোৱাৰ দিনা গাঁৱৰ সকলো মানুহ নামঘৰলৈ গৈ কীৰ্তন পাঠ কৰি গুৰু সেৱা কৰে । নামঘৰত ন খাওঁতে নতুন চাউলৰ পায়স আৰু প্ৰসাদ দিয়া হয়।নামঘৰত ন খোৱাৰ পাছতহে  গাঁৱৰ ৰাইজে ওচৰ চুবুৰীয়া মিটিৰ – কুটুম্বৰ সৈতে অথবা ঘৰে ঘৰে ন উৎসৱ পাতে । অঞ্চল বিশেষে ন খোৱাৰ নিতী নিয়ম বেলেগ বেলেগ, ন খোৱাৰ দিনা গো সেৱা কৰা হয় । ন চাউলৰ ভাত ৰান্ধি এখন আগলতি কলপাতত গোহালিত নি তাত নিজ পথাৰৰ কেঁচা ধান এমুঠি দি এডোখৰ ঠাই পৰিষ্কাৰ কৰি  পানীৰে গোহালিৰ মুখ্য গৰুটোৰ ঠেং চাৰিখন ধুৱাই দি সকলো গৰুকে সেৱা কৰি ভাতখিনি খোৱাৰ পিছত সিহঁতক আদৰ সন্মানেৰে গোহালিত বান্ধি থোৱা হয়।কোনো কোনো ঠাইত ন খোৱাৰ দিনা মহিলা সকলে আই লখিমীক আদৰাৰ নাম গায় আৰু উৰুলি দিয়ে।কিছুমান ঠাইত মাঙ্গলিক চিন স্বৰূপ পদূলিমুখত  কলপুলিও পোতা দেখা যায়।