হেঁপাহৰ আঘোণ আহিছে পথাৰলৈ…- তৰুলতা ঙাটে মিলি

Pc the Janambhumi

হেঁপাহৰ আঘোণ আহিছে পথাৰলৈ…

পথাৰত জোৱাৰ উঠিছে
হেঁপাহৰ আঘোণ আহিছে
সুৰীয়া ঐনিঃতমৰ ছন্দত
সোণালী থোকবোৰ
হালিছে-জালিছে।
কুঁৱলীৰ বুকু ভেদি
পূৰ্ৱ আকাশেদি
সূৰুযৰ মিঠা পোহৰে
মিঠা পৰশ যাঁচিছে
গাভৰু-কনেঙহঁতৰ
গোলাপী গাল।
তৰুলতা ঙাটে মিলি
নঁগাও,অসম